সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য নিৰীক্ষণ কৰা সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ বা এফ এ টি এফৰ তালিকাৰ পৰা পাকিস্তানক আঁতৰোৱাত বাধা দিবলৈ নতুন দিল্লীয়ে চেষ্টা কৰিছে। চলিত মাহৰ ২০ তাৰিখৰ পৰা পেৰিছত অনুষ্ঠিত হʼব FATFৰ বৈঠক। কূটনৈতিক পৰিৱেশ অনুসৰি, ২০১৮ চনৰ পৰা এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ধূসৰ তালিকাত থকা পাকিস্তানক এইবাৰ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।
এফ এ টি এফে এই সিদ্ধান্ত লোৱাত বাধা দিবলৈ ভাৰতে সকলো প্ৰচেষ্টা চলাব। নতুন দিল্লীয়ে পাকিস্তানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি আৰু তাৰ পৰা নিৰন্তৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সৰবৰাহৰ প্ৰমাণ এফ এ টি এফৰ সন্মুখত দাখিল কৰিব। ইয়াৰ পূৰ্বে জুন মাহত অনুষ্ঠিত হৈছিল এফ এ টি এফৰ বৈঠক।
ইয়াৰ পিছতে বিবৃতিটোত কোৱা হৈছে যে পাকিস্তানে দুটা সন্ত্ৰাসবাদ বিৰোধী কাৰ্যসূচী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিছে, যʼত ৩৪টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত ২৯ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে এফ এ টি এফৰ ১৫ জনীয়া এটা দলে পাকিস্তান ভ্ৰমণ কৰে। পেৰিছৰ বৈঠকত তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হʼব। এই প্ৰতিবেদন পাকিস্তানৰ বাবে আশ্বস্ত কৰা বুলি বিবেচিত হৈছে।
এফ এ টি এফৰ বৈঠকৰ ঠিক আগতে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে কৈছিল, “পাকিস্তান হৈছে বিশ্বৰ সন্ত্ৰাসবাদৰ মূল কেন্দ্ৰ। আজিও ভাৰতকে ধৰি বিভিন্ন স্থানত সন্ত্ৰাসবাদ বিয়পোৱাৰ প্ৰধান উৎস।”
শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকা ভ্ৰমণ কৰি জি-২০ দেশৰ বিত্তমন্ত্ৰীসকলৰ সৈতে কথা পাতিছিল। তাত নিৰ্মলাই সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিষয়ে কয়। পিছলৈ অৱশ্যে তেওঁ তাত কোনো বিশেষ দেশৰ নাম উল্লেখ কৰা নাই বুলিও তেওঁ কয়৷
২০১৮ চনৰ জুন মাহৰ পৰা এফ এ টি এফৰ ধূসৰ তালিকাত আছে পাকিস্তান। অবৈধ বিত্তীয় লেনদেন, দুৰ্নীতি আৰু সন্ত্ৰাসবাদী বিত্তীয় সাহায্য ৰোধ কৰিবলৈ দেশৰ আইনী ব্যৱস্থা, তদন্ত আৰু নিয়ন্ত্ৰণ ব্যৱস্থা পৰ্যাপ্ত নহʼলে দেশখনক বিপদজনক বুলি গণ্য কৰা হয়।