![]()
উত্তৰাখণ্ডত বিজেপি নেতাৰ পত্নীক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে আৰম্ভ হৈছে দোষাৰোপৰ খেল। উত্তৰ প্ৰদেশৰ আৰক্ষীৰ বিৰুদ্ধে হত্যাৰ গোচৰ দাখিল কৰা হয়।
ইয়াৰ ফলত দুয়োখন ৰাজ্যতে হুলস্থুলৰ সৃষ্টি হয়। অভিযোগ মতে, অপৰাধীৰ লগত হোৱা সংঘাতৰ সময়ত বিজেপি নেতা গুৰতাজ ভুল্লৰৰ পত্নী গুৰপ্ৰিত কৌৰৰ মৃত্যু হয়। ইয়াৰ লগতে ৫ জন আৰক্ষীও আহত হয়। উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে দাবী কৰে যে কয়লা মাফিয়াৰ জফৰ ম’ষ্ট ৱান্তেড অপৰাধী। যাৰ নামত ৫০ হাজাৰ টকা পুৰস্কাৰ ৰখা হৈছে।
আৰক্ষীয়ে তদন্তৰ ফলত জানিব পাৰে যে জফৰ বিজেপি নেতাজনৰ ঘৰত লুকাই আছে। কিন্তু যেতিয়া আৰক্ষী উক্ত স্থানলৈ যায় গাঁওবাসীয়ে আৰক্ষীৰ কামত বাধা আৰোপ কৰে। তেতিয়াই মাফিয়াই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে। তাৰ পিছত আৰম্ভ হয় দুয়োপক্ষৰ গুলীয়াগুলী। তাৰ ফলতে বিজেপি নেতাজনৰ পত্নী গুলীবিদ্ধ হৈ মৃত্যু হয়। ইয়াৰে ভিতৰত যোগী ৰাজ্যৰ দুজন আৰক্ষীকো গুলীয়াই হত্যা কৰা হৈছে।
মুৰাদাবাদ হাস্পতালত আহতকেইজন চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, চাৰিজন আৰক্ষীক আটক কৰা হৈছে। আনকি চাৰিজন আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ অভিযোগো উত্থাপন হয়। লগতে স্থানীয় ৰাইজে জনোৱা মতে, আৰক্ষী ইউনিফৰ্মত নাছিল। ফলত তেওঁলোকে বুজি নাপালে যে তেওঁলোক আচলতে আৰক্ষীহে, মাফিয়া নহয়।












