![]()
খুচুৰা সামগ্ৰীৰ বজাৰত মূল্যবৃদ্ধিৰ হাৰ হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বৰঞ্চ ই ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ তুলনাত এই হাৰ বৃদ্ধি হৈছে ৭.৪১ শতাংশ। যোৱা এপ্ৰিল মাহৰ পিছত এই হাৰ সৰ্বাধিক।
ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে প্রকাশ কৰা তথ্য অনুসৰি, খুচুৰা বজাৰত খাদ্যসহ দৈনন্দিন প্রয়োজনীয় বিভিন্ন বস্তুৰ দাম বৃদ্ধি পোৱাৰ বাবে মূল্যবৃদ্ধি সূচকাংক নতুন স্তৰত উপনীত হৈছে৷মে’, জুন আৰু জুলাই মাহত খুচুৰা মূল্যৰ মুদ্ৰাস্ফীতি মন্থৰ হৈ থাকে।
আগষ্ট মাহত ই ৰিজাৰ্ভ বেংকৰ নিৰ্দিষ্ট পৰিসৰৰ ওপৰলৈ (২ৰ পৰা ৬ শতাংশ) বৃদ্ধি পাই আন এক হাৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাইছে। যোৱা জুলাই মাহত ৬.৬৯ শতাংশৰ পৰা আগষ্ট মাহত ৭.৬২ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ মাহত আৰু ৭.৪১ শতাংশ বৃদ্ধি পাইছে।
বিগত বৰ্ষৰ আগষ্ট মাহত খুচুৰা মূল্যবৃদ্ধিৰ হাৰ আছিল ৩.১১ শতাংশ। এইবাৰ দেশৰ বিভিন্ন প্ৰান্তত বাৰিষা আৰু গৰমৰ অনিশ্চয়তাৰ বাবে বহু শস্য নষ্ট হৈছে। যাৰ ফলত বজাৰত শস্যৰ মূল্য বৃদ্ধি পাইছে, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য, চলিত বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেংকে ২ৰ পৰা ৬ শতাংশৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ লক্ষ্য কৰি লৈছিল। বহু বজাৰ বিশেষজ্ঞই পুনৰ ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিৰন্তৰ হ্ৰাস হোৱাটোকে কাৰণ হিচাপে আঙুলিয়াই দিছে। তেওঁলোকৰ মতে, টকাৰ মূল্য হ্ৰাস হোৱাটোৱে মূল্যবৃদ্ধিৰ বাবে অতিশয় চিন্তনীয়।
ডলাৰৰ মূল্য বৃদ্ধি হʼলে সামগ্ৰী আমদানি কৰাৰ খৰচ বৃদ্ধি পাব। ফলত উৎপাদন ব্যয় বৃদ্ধি পাব। ইয়াৰ ফলত খুচুৰা বজাৰত সামগ্ৰীৰ মূল্য বৃদ্ধি হয় বুলি কোৱা হৈছে। তাৰ ওপৰত ইন্ধনৰ খৰচ এতিয়াও বেছি। যাৰ ফলত যাতায়াতৰ খৰচো বৃদ্ধি পাইছে।










