ভূপেন বৰা কোন হয় বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ।আমাৰ কাৰ্যালয় দেখি হিংসা হৈ কংগ্ৰেছৰ।কাৰ্যালয় খুলিবলৈ মাটি দখল কৰিবলৈ বিজেপি মুৰ্খ নহয়-এই মন্তব্য বিধায়ক দিগন্ত কলিতা।ভূপেন বৰাই শাসনত কংগ্রেছ আহিলে বিজেপি নৱনিৰ্মিত কাৰ্যালয় ভাঙি দিম বুলি কোৱা মন্তব্যক উভতি বিজেপিৰ বিধায়ক কলিতা কয়- ভূপেন বৰা মন্তব্যই আঘাট দিছে।
৭-৮ টাকৈ নিৰ্বাচনত পৰাজিত হোৱা ভূপেন বৰাই এতিয়া যুজঁ দিব লাগিব আপৰ লগত বুলি উল্লেখ্ কৰি তেওঁ লগতে কয়- আমাক সমালোচনা কৰিছে কৰক কিন্তু আমাৰ কাৰ্যালয় ভাঙি দিম বুলি কবলৈ কত অধিকাৰ পালে ভূপেন বৰাই।
সম্পূৰ্ন নীতি নিয়মৰ মাজেৰে কাম কৰিছে বিজেপিয়ে।আমি কাৰ্যালয় খুলিছোঁ কিন্তু কংগ্ৰেছে অগাধ সম্পত্তি কৰিছে।কংগ্রেছ শাসনত আহিলে আমাক মাৰি পেলাব নেকি?- এই প্ৰশ্ন বিধায়ক কলিতা।
আনহাতে ভূপেন বৰা মন্তৱ্যক উভতি ধৰি বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়-‘কংগ্ৰেছে ৬০বছৰ শাসনত থাকিও কাৰ্যালয় নিৰ্মান কৰিব নোৱাৰিলে।বিজেপিয়ে ৬বছৰ শাসনত থাকিয়ে ধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিছে।ইয়াকে লৈ কংগ্রেছ কর্মী মাজত ক্ষোভ সৃষ্টি হৈছে।