
নীটৰ প্ৰশ্নকাকত ফাদিল (NEET Paper Leak) আৰু উৰাবাতৰি প্ৰচাৰ ৰোধ কৰিবলৈ কেন্দ্ৰই টেলিগ্ৰাম এপটো (Telegram app) সাময়িকভাৱে নিষিদ্ধ (Temporarily banned) কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে (Support of the Delhi High Court)। তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা এপ টেলিগ্ৰামৰ দ্বাৰা দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে প্ৰতাৰণা সম্পৰ্কীয় উদ্বেগ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উপযুক্ত আৰু সুপৰিকল্পিত।
যোৱা ৩ মে’ত অনুষ্ঠিত নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ আৰু তদন্তৰ বাবে ১২ তাৰিখে পৰীক্ষা বাতিল কৰা হয়। ২১ জুনত নতুন পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছিল। এই পৰীক্ষাতো যাতে প্ৰশ্নকাকত ফাদিল নহয় তাৰ বাবে টেলিগ্ৰাম এপত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্রই এই নিষেধাজ্ঞা আৰোপ কৰিছিল তথ্য প্রযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯এৰ অধীনত। কিন্তু টেলিগ্রামে কেন্দ্রৰ এই সিদ্ধান্ত অবৈধ বুলি দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেজছ কৰিয়াৰ অংশকালীন বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হয়। উক্ত শুনানিত কেন্দ্ৰক প্ৰশ্ন কৰা হৈছিল যে ২২ জুনলৈকে ভাৰতত টেলিগ্ৰাম কিয় নিষিদ্ধ কৰা হৈছে? সেই প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰই আদালতক কিছু নিৰ্দিষ্ট যুক্তি দিয়ে। ইয়াৰ পিছতে শুকুৰবাৰে টেলিগ্ৰামে দাখিল কৰা গোচৰটো ন্যায়াধীশে খাৰিজ কৰে। বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ কম বিধিনিষেধমূলক। এই আদেশ কেতিয়াও অসামঞ্জস্যপূৰ্ণ বুলি ক’ব নোৱাৰি।
নেশ্যনেল টেষ্টিং এজেন্সীয়ে প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ টেলিগ্ৰামত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছিল। পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ মোদী চৰকাৰক ২২ জুনলৈকে ভাৰতত টেলিগ্ৰাম এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল। এন টি এৰ অনুৰোধ মানি লৈ কেন্দ্ৰয়ো ইয়াৰ অনুসৰণ কৰে। তেওঁলোকে যুক্তি আগবঢ়ায় যে নকল চক্ৰ ৰোধ, প্ৰশ্নকাকত ফাদিলৰ ভুৱা দাবী আৰু প্ৰাৰ্থীক বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। কিন্তু টেলিগ্ৰামৰ মতে এই নিষেধাজ্ঞাই লাখ লাখ বৈধ ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰিছে, যিটো অন্যায়।
বৃহস্পতিবাৰৰ শুনানিত কেন্দ্ৰই এই নিষেধাজ্ঞাৰ সপক্ষে কেইবাটাও যুক্তি আগবঢ়ায়। টেলিগ্ৰামক নতুন ‘ডাৰ্ক ৱেব’ বুলি অভিহিত কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে এই এপটো ব্যৱহাৰ কৰি বিভিন্ন অপকৰ্ম আৰু অপৰাধ সংঘটিত হৈছে। এপটোৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ বাবে ইয়াত দোষীক চিনাক্ত কৰাটোও কঠিন হৈ পৰিছে। ভাৰতত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা বা নীটত প্ৰশ্নকাকত ফাদিল হোৱা ৰোধৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰাখিছে। টেলিগ্ৰামৰ এই আবেদন নাকচ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ নিৰ্দেশক সমৰ্থন জনাইছে।













