
বিহাৰত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ (Gang Rape) কৰি গুলী, শিল আৰু কাঠৰ টুকুৰা তেওঁৰ যৌনাংগত সুমুৱাই দিয়া হয়। মহিলাগৰাকীয়ে ৫জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীক জনোৱা মতে, নিশা হঠাতে পাঁচজন লোক তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে।

মহিলাগৰাকীৰ স্বামীক বলপূৰ্বকভাৱে এটা কোঠাত আবদ্ধ কৰি ৰাখি মহিলাগৰাকীক ঘৰৰ বাহিৰলৈ মুকলি ঠাইলৈ লৈ গৈ ধৰ্ষণ কৰে। আৰক্ষীয়ে এতিয়াও কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই। অনুসন্ধান অব্যাহত আছে।
বিহাৰৰ বেগুছৰাইত সংঘটিত হৈছে এই ঘটনা। চকীয়া থানা এলেকাৰ বাসিন্দা ভুক্তভোগীগৰাকীয়ে জনোৱা মতে, যোৱা ১১ জুনত নিশা প্ৰায় ১১.৩০ বজাত খাদ্য খোৱাৰ পিছত তেওঁ শৌচাগাৰলৈ গৈছিল। সেই সময়ত হঠাৎ পাঁচজন লোক তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল।
স্বামীক এটা কোঠাত বান্ধি থৈ দিয়ে। শৌচাগাৰৰ পৰা ওলাই অহাৰ লগে লগে অভিযুক্তই তেওঁক ঘৰৰ পৰা উলিয়াই নিৰ্জন ঠাইলৈ লৈ যায়। প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰাৰ সময়ত বুকু আৰু উৰুত ব্লেডেৰে কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত পাঁচজন লোকে তেওঁক ধৰ্ষণ কৰে।
অৱশেষত কিবা প্ৰকাৰে চিঞৰি চিঞৰি ননদক মাতিবলৈ সক্ষম হয় ভুক্তভোগীয়ে। তেওঁ মহিলাগৰাকীৰ স্বামীক মুক্ত কৰি আৰক্ষীক খবৰ দিয়ে।
তেতিয়ালৈকে পাঁচোজন অভিযুক্তই পলাই যায়। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ভুক্তভোগীক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰে। অভিযোগ অনুসৰি, প্ৰাথমিক চিকিৎসাৰ অন্তত মহিলাগৰাকীক আহিবলৈ দিয়া হয়। কিন্তু ঘৰলৈ উভতি অহাৰ পিছতো তেওঁৰ যৌনাংগত তীব্ৰ বিষ হয়। পিছত পৰিয়ালৰ লোকে তেওঁক পুনৰ চিকিৎসালয়লৈ লৈ যাবলৈ বাধ্য হয়।
চিকিৎসকে পৰীক্ষা কৰাৰ পিছত মহিলাগৰাকীৰ যৌনাংগত গুলী, শিল আৰু কাঠৰ টুকুৰা আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। ভুক্তভোগীয়ে কয় যে তেওঁৰ চেতনা হেৰাই গৈছিল। তেওঁ গম পোৱা নাছিল যে অচেতন অৱস্থাত গুলী তেওঁৰ যৌনাংগত সুমুৱাই দিয়া হৈছে। অভিযোগ অনুসৰি, তিনিমাহ পূৰ্বে তিনিজন দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ঘৰত এনেদৰে প্ৰৱেশ কৰিছিল।
তেওঁক মাৰপিটো কৰা হৈছিল। তেওঁৰ গহনা আৰু নগদ ধন লৈ যায়। তেতিয়াও তেওঁক যৌন নিৰ্যাতনৰ চেষ্টা কৰা হৈছিল। অভিযোগ উত্থাপন হৈছে যে বিষয়টো সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হৈছিল যদিও কোনো গুৰুত্ব দিয়া হোৱা নাছিল। কোনো অভিযোগ লোৱা নহ’ল।
এই ঘটনাৰ পিছতে ডি এছ পি আনন্দ কুমাৰ পাণ্ডেয়ে বিজ্ঞানসন্মত অনুসন্ধান চলি থকা বুলি জানিবলৈ দিয়ে। অভিযুক্ত শীঘ্ৰে ধৰা পৰিব বুলিও জনায়। ইয়াৰ বাহিৰেও যদি কোনো আৰক্ষীৰ গাফিলতিৰ প্ৰমাণ পোৱা যায় তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ডি এছ পিয়ে আশ্বাস দিয়ে।









