
মন্দিৰৰ নিৰ্মীয়মাণ (Under construction temple) অংশ ভাঙি পৰাত (By breaking apart) ভক্তৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। মহাৰাষ্ট্ৰৰ পাৰভানী (Parbhani, Maharashtra) জিলাত সংঘটিত হৈছে এই ঘটনা। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। পিটিআইৰ সূত্ৰ অনুসৰি, এই পৰ্যন্ত ৪ জন লোকৰ মৃত্যু (4 people died) হৈছে। এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
শনিবাৰে বহু ভক্তই স্থানীয় হনুমান মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। সংবাদ সংস্থা পিটিআইৰ মতে, বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। স্থানীয় এজন বিষয়াৰ মতে, “মন্দিৰৰ বাহিৰত কাম চলি আছিল। বাঁহ আৰু লোহাৰ ৰড স্থাপন কৰা হৈছিল। তাৰ মাজেৰে ভক্তসকলে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ ওলাইছিল। হঠাতে সেই নিৰ্মাণৰত অংশৰ এটা ডাঙৰ ফলক ভাঙি পৰে। বহুতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে।”

এই খবৰ লাভ কৰাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। দুৰ্ঘটনাটোৰ ফলত ভক্তসকলৰ মাজত প্ৰাণৰক্ষাৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, মন্দিৰৰ ভিতৰত দৌৰাদৌৰি লাগি পৰে। ফলত কিছু লোক পদপিষ্ট হয় । উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে।
সন্ধিয়া ৫.৩০ বজালৈকে পোৱা খবৰ অনুসৰি, ২০ৰ পৰা ৩০ জন ভক্ত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে বুলি অনুমান কৰা হৈছে। দুৰ্ঘটনাৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক উদ্ধাৰ কৰি পাৰভনী জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাস্থলীত কেইবাখনো এম্বুলেন্সো মোতায়েন কৰা হৈছে। স্থানীয় কৰ্তৃপক্ষই আহতসকলক ক্ষিপ্ৰতাৰে চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ বাবে কাম কৰি আছে।











