পাকিস্তানৰ পৰা অহা এখন নাৱৰ পৰা সাগৰৰ মাজত উদ্ধাৰ ১২০০ কোটি টকাৰ ২০০ কেজি ড্ৰাগছ! ভাৰতীয় নৌসেনা আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ এটা যৌথ দলে ড্ৰাগছৰ সৈতে ৬ জন ইৰাণৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। এনচিবিৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা হেৰইন আফগানিস্তানত উৎপাদন কৰাৰ পিছত প্ৰথমে পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল।
তাৰ পৰা ভাৰত আৰু শ্ৰীলংকাত বিক্ৰীৰ বাবে ইৰাণৰ এখন নাৱত আনিছিল। সূত্ৰ অনুসৰি, ধৃত ইৰাণৰ নাগৰিককেইজনে শ্ৰীলংকাৰ এখন নাৱত ড্ৰাগছৰ পেকেটসমূহ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছিল। পিছত শ্ৰীলংকাৰ নাৱেৰে ভাৰতলৈ আনিছিল ড্ৰাগছ।
উল্লেখ্য, বৃহস্পতিবাৰে ভাৰতীয় নৌসেনা আৰু এনচিবিয়ে সাগৰত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। নৌসেনাক দেখি অভিযুক্তই ড্ৰাগছখিনি পানীত পেলাই দিয়ে আৰু নিজেই সাগৰত জপিয়াই পলোৱাৰ চেষ্টা কৰে। কিন্তু তাৰ আগতেই ধৰা হয়।
এনচিবিৰ এজন বিষয়াই লগতে কয় যে ইয়াৰ পিছত ড্ৰাগছ সম্পৰ্কীয় অভিযুক্তকেইজনক কেৰালাৰ কোচিলৈ নিয়া হয়। এন চি বিৰ মতে, আফগানিস্তানৰ পৰা আৰব সাগৰ আৰু ভাৰত মহাসাগৰৰ মাজেৰে ভাৰতলৈ ড্ৰাগছ সৰবৰাহ যোৱা কেইবছৰমানৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে।