মল্লীকাৰ্জুন খৰ্গে ছোনিয়াৰ লগতে সমগ্ৰ গান্ধী পৰিয়ালৰ হাতত। ৰাজনৈতিক শিবিৰে ভাবে যে তেওঁৰ বিজয় প্ৰায় নিশ্চিত। কিন্তু ইয়াৰ পিছতো আগন্তুক কংগ্ৰেছ সভাপতি পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিৰোধী প্ৰাৰ্থী শশী থাৰুৰে।
তেওঁ পূৰ্ণগতিত প্ৰচাৰ চলাই আছে, একে সময়তে নিয়মিতভাৱে ৰাজনৈতিক সৌজন্যতা বজাই ৰাখিছে আৰু তেওঁৰ বৈশিষ্ট্যপূৰ্ণ শান্ত ভাষাৰে খৰ্গেক আক্ৰমণ কৰিছে।
এইবাৰ তেওঁ এই যুঁজখনক এক বেলেগ ৰাজনৈতিক মোৰ দিলে। তেওঁৰ মতে, কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীৰ কাষ চাপিছিল, থাৰুৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ অনুৰোধ জনাবলৈ। ৰাহুলে এই অনুৰোধ নাকচ কৰে।
শেহতীয়াকৈ কেৰালা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে সুধাকৰণে ৰাজহুৱাভাৱে খৰ্গেৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। সেই প্ৰসংগতেই থাৰুৰৰ বক্তব্যক ৰাজনৈতিক মহলে বিবেচনা কৰে।
থাৰুৰৰ ভাষাত, “তেওঁ (ৰাহুল গান্ধী) বিচাৰিছিল যে মই যুঁজ দিওঁ। কাৰণ তেওঁ ভাবে যে ইয়াৰ ফলত দলটোৰ লাভ হʼব৷ দলৰ শীৰ্ষ নেতাসকলে স্পষ্টভাৱে মোক সমৰ্থন কৰা নাই। বহুতে ৰাহুলক মোক ৰখাবলৈ কৈছিল। কিন্তু তেওঁ সেই অনুৰোধ নাকচ কৰিলে।”
সুধাকৰণৰ মন্তব্যৰ প্ৰতি থাৰুৰৰ সঁহাৰি, “আনৰ মনৰ ভিতৰত কি চলি আছে তাক জনাটো মোৰ কাম নহয়। ইয়াত এটা কথা কʼব লাগে। মৌখিকভাৱে বা গোপনে যিয়েই নকওক কিয়, বেলটটো গোপন। কোনে কাক ভোট দিলে কোনেও গম নাপাব।
সকলোৱে নিজৰ ইচ্ছা আৰু বিশ্বাস অনুযায়ী ভোটদান কৰিব পাৰে। দলটোক শক্তিশালী কৰি আগন্তুক প্ৰত্যাহ্বানৰ সন্মুখীন হʼবলৈ কাক ভোট দিব সেইটো তেওঁলোকে সিদ্ধান্ত লʼব।”
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বকে ধৰি সকলো স্তৰৰ এআইচিচিৰ সাধাৰণ সম্পাদক, সম্পাদক, যুটীয়া সম্পাদক, ৰাজ্যিক কংগ্ৰেছ কমিটী, কংগ্ৰেছ দলক নিৰ্দেশ দিয়া হৈছে যে প্ৰতিদ্বন্দ্বী দুজনৰ কোনো এজন প্ৰাৰ্থীৰ পক্ষত বা বিপক্ষে তেওঁলোকে কোনো প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব নোৱাৰে।
থাৰুৰে কয় যে কেৰালা প্ৰদেশ কংগ্ৰেছৰ মন্তব্যক লৈ তেওঁ চিন্তিত নহয়। কাৰণ তেওঁলোকৰ বক্তব্য কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশনা জাৰি কৰাৰ আগতেই আহিছিল।এতিয়া তেওঁক আশ্বাস দিয়া হৈছে যে যিহেতু দলে কোনো প্ৰাৰ্থীক ছীল-মোহৰ মৰা নাই সেয়ে সকলোৱে নিৰপেক্ষ হৈ থাকিব।
থাৰুৰৰ ভাষাত “হায়দৰাবাদৰ ৱাৰ্ডা নাগপুৰত দলীয় কৰ্মীসকলক লগ পাই কথা পাতিলোঁ। মোক যুঁজিবলৈ উৎসাহিত কৰে। মই তেওঁলোকক যুদ্ধক্ষেত্ৰ এৰি নাযাবলৈ প্ৰতিশ্ৰুতি দিলোঁ। এতিয়ালৈকে মোক সমৰ্থন কৰাসকলক মই প্ৰতাৰণা নকৰো। তেওঁলোকৰ আত্মবিশ্বাসে মোৰ মনত আগুৱাই যাবলৈ শক্তি দিলে।” থাৰুৰে লগতে সোঁৱৰাই দিয়ে যে তেওঁৰ সমৰ্থকসকলৰ অধিকাংশই যুৱ নেতা আৰু কৰ্মী।