![]()
আনন্দৰ মুহূৰ্ত নিমিষতে পৰিণত হʼল বিষন্নতালৈ। খাৱৈত পৰিল বিয়াৰ বাছ। উত্তৰাখণ্ডৰ পুৰী গড়ৱালত মঙলবাৰে নিশা এখন বাছ খাৱৈত পৰি ২৫ জন লোকৰ মৃত্যু হয়। বাছখনত ৪০ জনৰো অধিক যাত্ৰী আছিল।সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু আৰক্ষীয়ে নিশা উদ্ধাৰ অভিযানত মুঠ ২১ জন যাত্ৰীক উদ্ধাৰ কৰে।
ছিমদি গাঁৱৰ সমীপত বিয়াৰ বাছখন দুৰ্ঘটনাত পতিত হয়। ৰাজ্যিক আৰক্ষী অধীক্ষক অশোক কুমাৰে এ এন আইক জনোৱা মতে, “ধুমাকোটৰ বিৰোখাল অঞ্চলত বাছ দুৰ্ঘটনাত ২৫ জন লোকৰ মৃত্যু হয়।২১ জন লোকক উদ্ধাৰ কৰা হৈছে। আহতসকলক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।”
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বাছ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, লালধাঙৰ পৰা ৰাওনা হৈছিল বাছখন। বাটতে সংঘটিত হয় এই দুৰ্ঘটনা। তথ্য লাভ কৰাৰ পিছতে ধুমাকোট থানাৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীকো অৱগত কৰা হয়।












