মঙলবাৰে ঘোষণা কৰা হয় ২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা। এইবাৰ এই বঁটা লাভ কৰিছে যুটীয়াভাৱে তিনিগৰাকী পদাৰ্থ বিজ্ঞানীয়ে। তেওঁলোক হৈছে ক্ৰমে পদাৰ্থবিজ্ঞানী এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰ।
কোৱাণ্টাম তথ্য বিজ্ঞানৰ ওপৰত তেওঁলোকৰ কামৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই সন্মানীয় নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সেছৰ ছেক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে মঙলবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত বিজয়ীৰ নাম ঘোষণা কৰে।
উল্লেখ্য, ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সেছে ২০২২ চনত অষ্ট্ৰিয়াৰ ভিয়েনাৰ এলাইন এস্পেক্ট, জন এফ ক্লজাৰ আৰু এণ্টন জেইলিংগাৰ বিশ্ববিদ্যালয়ক “for experiments with entangled photons, establishing the violation of Bell inequalities and pioneering quantum information science”-ৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰে ।
এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰে প্ৰত্যেকেই আৱদ্ধ কোৱাণ্টাম স্থিতি ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা চলাইছে, য’ত দুটা কণা পৃথক হ’লেও একক এককৰ দৰে আচৰণ কৰে । তেওঁলোকৰ ফলাফলে কোৱাণ্টাম তথ্যৰ ওপৰত ভিত্তি কৰি নতুন প্ৰযুক্তিৰ পথ মুকলি কৰিছে।