চামগুৰিৰ ডাউনটাউনত মহাষ্টমীৰ শুভক্ষণত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। মটৰচাইকেল আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুই মটৰচাইকেল আৰোহী ক্ৰমে চৰাইদেউ বৰহাটৰ পাপু গগৈ আৰু বিপুল গগৈ।
দুৰ্ঘটনাটো সংঘটিত কৰিয়েই গুৱাহাটীৰ দিশে পলাই যায় ট্ৰাকখন। নিহত পাপু গগৈ বৰহাট গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত। মটৰ চাইকেলখন গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ অৱস্থাত সংঘটিত হয় দূৰ্ঘটনাটো।