অসম আৰক্ষী দিৱসৰ পৱিত্ৰক্ষণৰ লগত সংগতি ৰাখি ৰাজ্যত অসম আৰক্ষীৰ কৰ্তব্য পৰায়ণতা আৰু দক্ষতাৰ ভিত্তিত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা ৭ গৰাকীকৈ এপিএছ বিষয়াক সোণৰ প্ৰশস্তি পদক প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত কৰ্তব্যৰত ২৫৪ গৰাকী জোৱানকো ডিজিপিয়ে ৰূপৰ প্ৰশস্তি পদক আগবঢ়াইছে।
জানিব পৰা মতে ডিজিপি কাৰ্যালয়ে কাৰবি আংলঙৰ বোকাজান মহকুমাত মহকুমা আৰক্ষী বিষয়া হিছাপে কৰ্মৰত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসলৈও আগবঢ়াইছে ডিজিপি ৰূপৰ প্ৰশস্তি পদক।
আনহাতে কাৰবি আংলং জিলাৰ বিভিন্ন থানা, আৰক্ষী চকী আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত ক্ৰমে, ইউবিচি বাবু ছিং. ক্ৰ, ইউবিচি ৰাজীৱ সিঙে, এবিচি চিকাৰী ইংতি, এবিচি অজয় তাঁতী আৰু ইউবিচি উমেশ কুৰ্মীয়ে ডিজিপিৰ ৰূপৰ প্ৰশস্তি পদক লাভ কৰিবলৈ সক্ষম হৈছে।