নগ্ন ফটো শ্বুট বিতৰ্কত এটা নতুন টুইষ্ট। এই গোচৰত ২৯ আগষ্টত মুম্বাইৰ চেম্বুৰ থানাত হাজিৰ হৈছিল অভিনেতা ৰণবীৰ সিং। তেওঁৰ বক্তব্য ৰেকৰ্ড কৰা হৈছিল। চেম্বুৰ আৰক্ষী থানাৰ আৰক্ষী সূত্ৰ অনুসৰি, এইবাৰ ফাদিল হৈছে এক নতুন তথ্য! নগ্ন ফটো শ্বুট বিতৰ্কত ৰণবীৰে আৰক্ষীক স্পষ্ট কৰি দিয়ে যে তেওঁৰ এখন ছবি বিকৃত কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে।
সূত্ৰ অনুসৰি, আন্তঃৰাষ্ট্ৰীয় এখন আলোচনীৰ বাবে নগ্ন ফটোশ্বুটৰ এখন ছবি ভাইৰেল হৈছিল। যʼত তেওঁৰ যৌনাংগ প্ৰদৰ্শন কৰা হয়। সেই ফটোখনৰ আধাৰত গোচৰ ৰুজু হৈছিল। ৰণবীৰে আৰক্ষীৰ সন্মুখত দাবী কৰে যে তেওঁৰ ব্যক্তিগত অংশৰ ভাইৰেল ছবিখনত কাৰচাজি কৰা হৈছে। বিকৃত ছবিখন তেওঁ কোনো ধৰণে আপলোড কৰা নাছিল।
তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত আলোচনীখনৰ বাবে শ্বুট কৰা ৭খন ছবি আপলোড কৰিছিল, যʼত সেই আপত্তিজনক ছবিখন নাছিল। তেওঁ দাবী কৰে যে আলোচনীখনৰ বাবেও এনে ভংগীমাত কোনো ফটো তোলা হোৱা নাছিল। ৰণবীৰে আলোচনীখনৰ বাবে শ্বুট কৰা সকলো ছবিৰ আচল কপিও জমা দিছে।
মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰণবীৰৰ বক্তব্য ৰেকৰ্ড কৰাৰ পিছতে ফটোকেইখন ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আপত্তিজনক ছবিখনৰ লগত আচলতে কাৰচাজি হৈছিলনে নাই তাৰ তদন্ত চলি আছে। মন কৰিবলগীয়া যে উক্ত নগ্ন ছবিখনৰ আধাৰত এটা স্বেচ্ছাসেৱী সংগঠনে ৰণবীৰৰ বিৰুদ্ধে মুম্বাইৰ চেম্বুৰ থানাত এজাহাৰ দাখিল কৰিছিল।