ক্ষুদ্ধ কংগনা ৰানাৱট। কৰণ জোহৰৰ ছবিখনৰ সফলতাৰ বাবে সঁচাকৈয়ে খং উঠিছে! ‘ব্ৰহ্মাস্ত্ৰʼক কেন্দ্ৰ কৰি দৰ্শকৰ হুলস্থুল একেবাৰেই ভাল দেখা নাই। ছবিগৃহলৈ যোৱাৰ পৰিকল্পনা কৰাসকলক অনাগত দিনত টিকট ক্ৰয় নকৰিবলৈ সকীয়াই দিয়ে অভিনেত্ৰীগৰাকীয়ে।
তেওঁ দাবী কৰিছে যে ছবিখনৰ বক্স অফিচ সংগ্ৰহ ইচ্ছাকৃতভাৱে বৃদ্ধি কৰা হৈছে। এইটোও এক প্ৰকাৰৰ নিৰ্মাতাসকলৰ হেতালি খেলা!
তথ্য অনুসৰি ‘ব্ৰহ্মাষ্ট্ৰʼই প্ৰথম দিনাই বিশ্বজুৰি ৭৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। আনহাতে, দেশত প্ৰথম দিনাই ৩৫-৩৬ কোটি টকা উপাৰ্জন কৰিছিল। দ্বিতীয় দিন অৰ্থাৎ শনিবাৰে ছবিখনে ৩৭ কোটি টকা উপাৰ্জন কৰিছিল। অৰ্থাৎ ৪০০ কোটিৰ বাজেটত কৰণ জোহৰৰ ছবিখনে মুক্তি পোৱাৰ দুদিনৰ ভিতৰতে ১০০ কোটি টকাৰ ক্লাব স্পৰ্শ কৰিছে। কৰণ, আয়ান, আলিয়াই দেওবাৰে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে।
আনহাতে, কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে এই পৰিসংখ্যাবোৰত খেলিমেলি লগোৱা হৈছে। ভুৱা পৰিসংখ্যা দেখুৱাই দৰ্শকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে নিৰ্মাতাসকলে। আনকি বি-টাউনৰ বহু প্ৰখ্যাত চলচ্চিত্ৰ ব্যৱসায় বিশেষজ্ঞইও এই বিষয়ে ওঁঠত তলা লগাইছে। তাৰমানে কি কৰণে টকা ঢালিছে!
দেওবাৰে এই বিষয়ত চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক ইৰা মৃদুলা কেথাৰৰ টুইট শ্বেয়াৰ কৰে কংগনাই। যʼত ইৰাই লিখিছিল, ‘দুই-এজন বিশিষ্ট চলচ্চিত্ৰ ব্যৱসায় বিশেষজ্ঞই ‘ব্ৰহ্মাস্ত্ৰʼৰ বক্স অফিচ সংগ্ৰহ লিক কৰা নাই। যিসকল উৎসাহিত হৈছে তেওঁলোকক ইয়াৰ বাবে টকা দিয়া হৈছে। ‘ব্ৰহ্মাস্ত্ৰʼৰ বক্স অফিচৰ ফিগাৰত হেতালি খেলা হৈছে। ইয়াৰ আঁৰত ঢালি দিয়া হৈছে বৃহৎ পৰিমাণৰ ধন।
সম্ভৱত এয়া ভাৰতৰ আজিলৈকে সৰ্ববৃহৎ ভুৱা পৰিসংখ্যা। কমেও ৬০ৰ পৰা ৭০ শতাংশ কাৰছাজি কৰা হৈছে।’ ইনষ্টাগ্ৰাম ষ্টৰিত এই পোষ্টটো শ্বেয়াৰ কৰি কংগনাই লিখিছে, “হয়, কমপক্ষে এতিয়া কমেও ৭০ শতাংশ হেতালি খেলা হৈছে!”