কিছুমান সাংগীতিক যুটিক আমাৰ খুব মৰমৰ। মৰমৰ এইবাবেই কৈছোঁ কাৰণ এই যুটি সমূহৰ প্ৰতিটো সৃষ্টিয়ে আমাক সংযোগ কৰে আৰু বহুদিন বিৰতিৰ পিছত যেতিয়া এই যুটি সমূহে নিজৰ কিবা এটা সুন্দৰ সৃষ্টিক লৈ ৰাইজৰ মাজলৈ আহে তেতিয়া ৰাইজৰ লগতে যুটি সমূহ নিজেও উৎসাহিত হৈ পৰে।
মই কোৱা এই যুটি সমূহৰ এটা হৈছে ৰাহুল দে দাস আৰু প্ৰবীণ বৰাৰ। তেওঁলোকৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “ভাল লগা নে ভাল পোৱা”। উক্ত যুটিটোৰ জনপ্ৰিয়তা কিমান বেছি সেয়া অসমীয়া সংগীতৰ অনুৰাগী সকলক অধিক বুজাই দিয়াৰ হয়টো প্ৰয়োজন নাই। ৰাহুল দে দাসে শব্দবোৰ আঁতি আঁতি বান্ধি এটা চন্দুকত ভৰাই থয় আৰু সেই চন্দকুৰেই কাষতে নিজ কণ্ঠ আৰু সুৰবোৰ সুমুৱাই থয় প্ৰবীণ বৰাই। তাৰ পিছতনো আৰু কি? সেই চন্দুকৰ পৰাই ওলাই আহে একোটা সুন্দৰ সৃষ্টি, একোটা সুন্দৰ গীত। চলিত ছেপ্টেম্বৰ মাহতেই মুক্তি লাভ কৰিব “ভাললগা নে ভালপোৱা” য়ে। অপেক্ষাৰত আমি সকলোবোৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা সংগীতকাৰ সপোন শইকীয়াই সংগীত কৰিছে উক্ত গীতটিৰ। গীতটিৰ ভিডিঅ’ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈছে।
গীতটি মুক্তি লাভ কৰিব আটলাছ ক্ৰিয়েচনৰ বেনাৰত।গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিব বেদান্তই। আটলাছ ক্ৰিয়েচনৰ বেনাৰত মুক্তিপ্ৰাপ্ত বহুকেইটা গীতেই বৰ্তমানলৈকে জনপ্ৰিয় আৰু শ্ৰোতাৰ ভাললগা প্লে’লিষ্টত অন্তৰ্ভুক্ত।