![]()
কেৱল সন্মুখৰ চিটতে নহয় গাড়ীৰ পিছৰ চিটতো ছিটবেল্ট লগোৱাটো বাধ্যতামূলক। নহ’লে কমেও হাজাৰ টকা জৰিমনা। কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জনাইছে।উল্লেখ্য, যোৱা দেওবাৰে এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয় টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ। তাৰ পিছত মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে গাডকাৰীয়ে কয়, “পিছৰ চিটত বহিলেও ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক। কিন্তু এই নিয়মবোৰৰ মাজতো কোনেও সেইবোৰ মানি নচলে। গতিকে পিছৰ চিটত বহা কোনোবাই যদি ছিটবেল্ট বান্ধি নলয় তেন্তে এটা চাইৰেন বাজিব। তাৰ পিছতো যদি কোনোবাই বেল্ট পিন্ধি নলয় তেনেহ’লে জৰিমনা ভৰিব লাগিব।
যিকোনো মূল্যৰ বিনিময়ত মানুহৰ জীৱন ৰক্ষা কৰাৰ উদ্দেশ্য।” আনহাতে, জৰিমনা সংগ্ৰহ কৰাটো চৰকাৰৰ লক্ষ্য নহয় বুলি দাবী কৰে গাডকাৰীয়ে। গডকাৰীয়ে কয় যে এই পদক্ষেপ লোৱা হৈছে লোকসকলৰ মাজত ছিটবেল্ট পৰিধান কৰাৰ সজাগতা বৃদ্ধিৰ বাবে। তেওঁ কয় যে যদি নিয়ম মানি চলা নহয় তেন্তে কমেও জৰিমনা ১০০০ টকা হʼব।
গাডকাৰীৰ মতে, ৰাজ্য চৰকাৰসমূহেও জৰিমনা আৰোপ কৰাৰ ক্ষেত্ৰত একমত হʼব লাগিব। গাডকাৰীয়ে কয় যে চৰকাৰৰ লক্ষ্য হৈছে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ৫০ শতাংশ হ্ৰাস কৰা। চাইৰাছৰ মৃত্যুৰ সন্দৰ্ভত গাডকাৰীয়ে কয়, “মোৰ বৰ বেয়া লাগিছে। কিন্তু এই ঘটনাৰ পৰা সকলোৱে শিকিব লাগে।”












