![]()
বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত চোলোহা গাভৰু চাপৰিত আজি কৃষি মন্ত্ৰী অতুল বৰাই মাটি মাহ সিঁচি শুভাৰম্ভ কৰে।কৃষি বিভাগৰ সামূহিক উন্নয়ন কাৰ্যসূচীৰ অধীনত প্ৰায় ১০০০ বিঘা মাটিত মাটি মাহ সিঁচা হয়।উল্লেখযোগ্য যে মাটিমাহ বীজৰ বৈশিষ্ট্য হল পিইউ-৩১। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় ৫০০ জন খেতিয়ক উপকৃত হ’ব।


অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।












