ভাৰতৰ অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে লাভ কৰিছে কানাডা চৰকাৰৰ পৰা এক অনন্য সন্মান।
কানাডাৰ গ্ৰেটাৰ টৰন্টো এৰিয়াৰ মাৰ্খামৰ এটা পথৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। ইয়াৰ বাবে গ্ৰেমী বঁটা বিজয়ী সংগীতজ্ঞগৰাকীক ধন্যবাদ জ্ঞাপন কৰে মাৰ্খামৰ মেয়ৰ ফ্ৰেংক স্কাৰপেট্টিয়ে।
ছচিয়েল মিডিয়াত এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আৰ ৰহমানে লিখিছে, “অকল্পনীয়। মাৰ্খামৰ মেয়ৰ, কাউন্সিলাৰ আৰু সাধাৰণতে কানাডাৰ জনসাধাৰণৰ প্ৰতি মই কৃতজ্ঞ।” সংগীতজ্ঞ তথা সুৰকাৰগৰাকীয়ে লগতে কয়, “এই পদক্ষেপে শিল্পী হিচাপে মোৰ দায়িত্ব বৃদ্ধি কৰিলে। এতিয়া ভাগৰি নাযাবা, অৱসৰ নলʼবা। কেতিয়াবা ভাগৰি পৰিলেও মনত থাকিব যে আৰু বহুত কৰিবলগীয়া আছে, আৰু বহু দুৰ পাৰ হʼব লাগিব।”
কিন্তু এইটোৱে প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বে ২০১৩ চনত অন্টাৰিঅʼ প্ৰদেশৰ এটা পথ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। ইয়াৰ নাম ‘আল্লাহ ৰাখা ৰহমান ষ্ট্ৰীট’। ১৯৯০ চনত ‘ৰোজা’ ছবিখনৰ সংগীত পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল এ আৰ ৰহমানে। ইয়াৰ পিছত তেওঁ এটাৰ পিছত এটাকৈ হিট গান উপহাৰ দিছে। এইবাৰ তেওঁৰ সংগ্ৰহত নতুন সংযোজন হৈছে এই পথটোৰ নামকৰণ।