ASSAM TIMES POST
গুৱাহাটীঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উত্তৰ পূৰ্বাঞ্চলত উপস্থিত হ’বহি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে ছিকিমত অৱতৰণ কৰি ছিকিমৰ গেংটকস্থিত ছিকিম বিশ্ববিদ্যালয়ৰ ৫ম সমাৱৰ্তনত ভাগ ল’ব তেওঁ। ইফালে সোমবাৰে ছিকিমৰপৰা মেঘালয়লৈ আহিব তেওঁ। ইয়াত তেওঁ শ্বিলঙস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় চমুকৈ নেহুৰ ২৬ সংখ্যক সমাৱৰ্তনত ভাগ ল’ব তথা একেদিনাই নতুন দিল্লীলৈ উৰা মাৰিব।












