![]()
বিহাৰৰ নতুন মহাজোট চৰকাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে। সোমবাৰে বিহাৰ বিধানসভাত আস্থা ভোটত জয়লাভ কৰে আৰজেডি-জেডি(ইউ)-কংগ্ৰেছ-হাম-বাম মিত্ৰজোঁটে। বিজয়ৰ বাবে ১২২টা ভোটৰ প্ৰয়োজন আছিল। আস্থা ভোটত বিৰোধী দল বিজেপিয়ে অংশ লৈছিল যদিও ভোটদানৰ পূৰ্বেই নীতিশৰ ওপৰত ‘ৰাজনৈতিক প্ৰতাৰণা’ৰ অভিযোগ উত্থাপন কৰি বৈঠকৰ পৰা ওলাই যায়।
বুধবাৰে বিধানসভাৰ অধিবেশনৰ আৰম্ভণিতে অধ্যক্ষ বিজয় কুমাৰ সিনহাই নাটকীয়ভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। দুসপ্তাহ পূৰ্বে বিহাৰত ক্ষমতা সলনি হোৱাৰ পিছতে গ্ৰেণ্ড এলায়েন্সৰ বিধায়কসকলে বিজেপিৰ বিধায়ক বিজয়ক অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়। কিন্তু সেই সময়ত তেওঁ নাকচ কৰে। এইগৰাকী বিজেপি বিধায়কে অধ্যক্ষৰ কাৰ্যভাৰত থকাৰ ফলত আস্থা ভোট বিফল কৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰিছিল নীতিশ চৰকাৰে।
বুধবাৰে বিহাৰ বিধানসভাৰ অধিবেশন আৰম্ভ হোৱাৰ পিছতে পদত্যাগ কৰাৰ কথা ঘোষণা কৰি বিজয়ে কয় যে বিগত কিছুদিন ধৰি তেওঁৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। সেয়েহে তেওঁ অধ্যক্ষ পদৰ মৰ্যাদা আৰু সন্মান ৰক্ষাৰ স্বাৰ্থত পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
বিজয়ৰ অনুপস্থিতিত আস্থা ভোট অনুষ্ঠিত কৰে জেডি(ইউ)ৰ বিধায়ক মহেশ্বৰ হাজাৰীয়ে। উল্লেখ্য, এখন ৰাজ্যত ক্ষমতা সলনি হোৱাৰ পিছত নিজ নিজ বিধায়িনী দলৰ অধ্যক্ষই পদত্যাগ কৰাটো প্ৰথা। শেহতীয়াকৈ বিগত সময়ছোৱাত কৰ্ণাটকত এই কথা দেখা গৈছে। কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পিছতো বিৰোধী বিধায়কজনে অধ্যক্ষ পদটো আঁকোৱালি লৈ থকা ঘটনাটো কাৰ্যত অভূতপূৰ্ব। এনে অৱস্থাত আৰজেডি-জেডি(ইউ)-কংগ্ৰেছ-হাম-বাম মিত্ৰজোঁটৰ বিধায়কসকলে ইতিমধ্যে বিজয়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। কিন্তু তেওঁ পদত্যাগ কৰা প্ৰস্তাৱটো সভাত উত্থাপন কৰাৰ প্ৰয়োজন নহ’ল।
উল্লেখ্য, বিজেপি ত্যাগ কৰি যোৱা ১০ আগষ্টত বিহাৰৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল জেডি( ইউ) প্ৰধান নীতিশে। উপ-মুখ্যমন্ত্ৰী হৈছে আৰজেডি নেতা তেজস্বী যাদৱ। বুধবাৰে অনুষ্ঠিত হয় চৰকাৰখনৰ ওপৰত আস্থা ভোট।
সংসদীয় গাণিতিক অনুসৰি আস্থা ভোটত নীতিশৰ জয় নিশ্চিত আছিল।
২৪৩খন আসনযুক্ত বিহাৰ বিধানসভাত বৰ্তমান এখন আসন খালী হৈ আছে। সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। নীতিশে ৰাজ্যপালৰ ওচৰত দাবী কৰে যে ১৬৪ জন লোক চৰকাৰৰ লগত আছে। আনহাতে, দুসপ্তাহ পূৰ্বে বিৰোধী দলত পৰিণত হোৱা বিজেপিৰ ৭৭ জন বিধায়ক আছে।
অৰ্থাৎ বিগত দুবছৰ ধৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলোৱা নীতিশে এইবাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাব পাৰিব। আৰজেডিৰ ৭৯জন, জেডি (ইউ)ৰ ৪৫জন, কংগ্ৰেছৰ ১৯জন আৰু ১৬জন বাওঁ বিধায়কৰ উপৰি হামৰ চাৰিজন বিধায়ক নীতিশৰ পক্ষত আছে। মাত্ৰ এজন নিৰ্দলীয় বিধায়ক তথা নীতিশৰ কেবিনেট সদস্য সুমিত সিং।










