ASSAM TIMES POST
নতুন দিল্লীঃ নগা শান্তি চুক্তি সম্পৰ্কত সামাজিক মাধ্যমত প্ৰকাশিত উৰা-বাতৰিক শুকুৰবাৰে নস্যাৎ কৰিছে কেন্দ্ৰই। কেন্দ্ৰই স্পষ্টভাৱে কয় যে নগা শান্তি চুক্তি এতিয়াই শেষ হোৱা নাই। চুক্তি শেষ হোৱাৰ পূৰ্বে নগা সংগঠনসমূহৰ ওপৰিও বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰি ল’ব লাগিব। এক বিবৃতিত চৰকাৰে কয়, ‘চৰকাৰৰ এই কথা দৃষ্টিগোচৰ হৈছে যে একাংশ সংবাদ মাধ্যমকে প্ৰমুখ্য কৰি ছ’চিয়েল মাধ্যমত নগা শান্তি চুক্তি চূড়ান্ত হোৱা আৰু শীঘ্ৰেই ঘোষিত হ’ব বুলি উৰা-বাতৰি আৰু মিছা তথ্য প্ৰকাশ পাইছে।
এনে কথাই দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।’ অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত নবহাকৈ কেনেকৈ এই চুক্তি সম্পূৰ্ণ হ’ল বুলি প্ৰচাৰ চলিব পাৰিলে, তাকে লৈ কেন্দ্ৰই আশ্বৰ্য প্ৰকাশ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবি, এনএছচিএন (আই-এম)ৰ মাজত নতুন দিল্লীত এই সম্পৰ্কীয় আলোচনাৰ অন্ত পৰিছিল।












