বিবাহৰ প্ৰস্তাৱ নাকচ কৰাত লিভ-ইন সংগীক হত্যা কৰি মৃতদেহটো ট্ৰলী বেগত ভৰাই লৈ গৈছিল ৰে’ল ষ্টেচনলৈ। তাতেই গ্ৰেপ্তাৰ কৰা হয় এগৰাকী মহিলা। গাজিয়াবাদ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰীতি শৰ্মা নামৰ এগৰাকী মহিলাই চাৰি বছৰ পূৰ্বে স্বামীৰ পৰা বিচ্ছিন্ন হৈছিল। ইয়াৰ পিছতে ফিৰোজ ওৰফে চান্নী নামৰ ২৩ বছৰীয়া যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰে। তেতিয়াৰে পৰাই মহিলাগৰাকীয়ে ফিৰোজৰ লগত লিভ-ইন সম্পৰ্কত আছিল।
আৰক্ষীৰ জেৰাত প্ৰীতিয়ে উল্লেখ কৰে যে তেওঁ ফিৰোজৰ সৈতে বিয়া হʼব বিচাৰে। কিন্তু ফিৰোজ একমত নহয়।প্ৰীতিয়ে বিয়াৰ বাবে জোৰ দিয়াৰ ফলত দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হয়। ফিৰোজে মন্তব্য কৰিছিল যে প্ৰীতি ‘চৰিত্ৰহীন’ আছিল। সেই সময়ত প্ৰীতিয়ে ৰেজাৰেৰে ফিৰোজৰ ডিঙি কাটে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, হত্যাকাণ্ডৰ পিছত প্ৰীতিয়ে গাজিয়াবাদ ষ্টেচনৰ পৰা ৰেʼল ধৰিবলৈ গৈছিল ফিৰোজৰ মৃতদেহটো ট্ৰলী বেগত ভৰাই লৈ। ৰুটিন তালাচীৰ সময়ত আৰক্ষীয়ে ট্ৰলী বেগৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। যি ৰেজাৰেৰে হত্যা কৰা হৈছিল সেই ৰেজাৰটোও উদ্ধাৰ কৰা হৈছে।