অত্যাধুনিক তথা জটিল ডাৰ্ক নেৰ্টৱক ব্যৱহাৰ কৰে বাংলাদেশী জেহাদী গোষ্ঠীয়ে। আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰায়ে সদৰি কৰা মতে যোৱাকালি বিলাসীপাৰাৰ নায়েৰ আলগা দ্বিতীয় খণ্ডৰ পৰা আটক কৰা এগৰাকী জেহাদী মহিলা জহুৰা খাতুনৰ আনচাৰউল্লাহ বাংলা টিম (চমুকৈ এবিটি) ৰ সৈতে যোগসূত্ৰ আছে।
মহিলাগৰাকীৰ পৰা এটা অৰ্ধদগ্ধ মোবাইলকে ধৰি উদ্ধাৰ হোৱা কাৰ্যক্ষম মোবাইলটো পৰীক্ষা কৰাৰ পিছত ডাৰ্ক নেটৰ ‘পিয়াৰ টু পিয়াৰ’ নামৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এবিটিৰ সদস্যসকলে নিজৰ মাজত যোগাযোগ ৰখাৰ ঘটনাটো পোহৰলৈ আহে।
আনকি আৰক্ষী অথৱা চোৰাংচোৱা সংস্থাসমূহৰ চকুত ধুলি দিবলৈ আইপি মাস্কিং, সংকেতিক এনক্ৰিপচন আদিৰ দৰে সাধাৰণৰ বাবে লভ্য নোহোৱা আধুনিক মোবাইল এপ্লিকেচনৰ জৰিয়তে মহিলাগৰাকীয়ে জেহাদী গোষ্ঠীটোৰ অইনৰ সদস্যৰ সৈতে সম্পৰ্ক ৰখাৰ বিষয়টো উন্মোচিত হোৱা বুলিও জানিব পৰা গৈছে।
ইফালে জেহাদী গোষ্ঠীটোৰ পলাতক সদস্যসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জহুৰা খাতুনে এটা মোবাইল জ্বলাই দিয়াৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
আজিৰ সেই সংবাদমেলখনত ধৃত লমহিলাগৰাকীয়ে ধুবুৰীৰ উপৰিও অইন ঠাইস্থিত এবিটিৰ গোপন শিৱিৰত যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে আৰু সেয়ালৈ অনুসন্ধান অব্যাহত থকা বুলি জনাইছে আৰক্ষী অধীক্ষক গুৰাৱে। আনহাতে জিলাখনৰ বিলাসীপাৰা নায়েৰ আলগা দ্বিতীয় খণ্ড তথা ধৃত সেই মহিলাগৰাকীৰ গৃহৰ উপৰিও ধুবুৰী সদৰ থানা এলেকাৰ কোনো দূৰ্গম, অগম্য চৰাঞ্চলত এবিটিৰ সৈতে সম্পৰ্ক থকা এটা মডিউল সক্ৰিয় হৈ থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে ধৃত জহুৰা মৈৰাবাৰীৰ তথা অসম আৰক্ষী মোষ্ট ৱান্টেডৰ তালিকাত থকা আবু তাল্লাহ নামৰ এবিটি সদস্যজনৰ পত্নী বুলিও জানিব পৰা গৈছে।
অৱশ্যে কেতিয়া, ক’ত দুয়োৰে সাক্ষাৎ হৈছিল সেই বিষয়ে ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে জনোৱা নাই। ইফালে ধুবুৰী জিলাৰ বিলাসীপাৰৰ পৰা ৰাজ্যত প্ৰথম মহিলা জেহাদী আৰক্ষীৰ জালত পৰাৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।