তিনিবছৰীয়া ছোৱালীজনী বাথৰুমৰ পৰা ওলাই অহা নাছিল। মাতি মাতিও উলিয়াই আনিব পৰা নাছিল। তাৰেই ক্ষোভত কণমানি ছোৱালীজনীক হেতাৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পিতৃৰ বিৰুদ্ধে। আনহাতে, মাতৃয়ে আহত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰে। লগতে স্বামীৰ বিৰুদ্ধেও তেওঁ থানাত অভিযোগ উত্থাপন কৰে । দেওবাৰে হায়দৰাবাদত সংঘটিত এই ঘটনা।
পত্নীয়ে স্বামীৰ বিৰুদ্ধে থানাত অভিযোগ কৰে যে তেওঁৰ সৰু ছোৱালীজনীয়ে বাথৰুমত খেলি আছিল। হঠাতে তেওঁৰ স্বামীয়ে হেতা লৈ বাথৰুমত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁক যথেষ্ট প্ৰহাৰ কৰে। ছোৱালীজনীক বচাবলৈ চেষ্টা কৰাৰ সময়ত স্বামীয়ে তেওঁৰ ওপৰতো হাত উঠায়। আনহাতে, তেওঁক মজিয়াত ঠেলি পেলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে।
পিছত ৰক্তাক্ত অৱস্থাত মাতৃয়ে নিজৰ কন্যাক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে জনোৱা মতে, শিশুটিৰ শাৰীৰিক অৱস্থা সংকটজনক। অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে পিতৃৰ বিৰুদ্ধে ৩০৭ (হত্যাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰিছে।
পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। স্বামীৰ বিৰুদ্ধে অভিযোগ কৰি মহিলাগৰাকীয়ে কয় যে ২০১৫ চনত তেওঁলোকৰ বিবাহৰ পিছত তেওঁক বাৰে বাৰে হাৰাশাস্তি কৰে। এতিয়া তেওঁ ছোৱালীকো যেনে তেনেকৈ প্ৰহাৰ কৰে। স্বামীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে তেওঁ।