বিহাৰৰ ভূগৰ্ভস্থ পানীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ইউৰেনিয়াম। ৰাজ্যৰ কেইবাখনো জিলাৰ ভূগৰ্ভস্থ পানীত ইউৰেনিয়াম পোৱাত প্ৰশাসনিক মহলত আশংকা বিয়পি পৰিছে। ইতিমধ্যে দহখন জিলাৰ পৰা সংগ্ৰহ কৰা ১০০টা নমুনা পৰীক্ষাৰ বাবে লক্ষ্ণৌৰ কেন্দ্ৰীয় ভূগৰ্ভস্থ পানী বʼৰ্ডলৈ প্ৰেৰণ কৰা হৈছে।
নালন্দা, নাওদা, কাতিহাৰ, মধেপুৰা, বৈশালী, সুপাল, ঔৰংগাবাদ, গয়া, শৰণ, জেহানাবাদ জিলাৰ পৰা ভূগৰ্ভস্থ পানীৰ নমুনা সংগ্ৰহ কৰা হয়। কেন্দ্ৰীয় ভূগৰ্ভস্থ জল বʼৰ্ডৰ (মধ্যপ্ৰাচ্য অঞ্চল) সঞ্চালক ঠাকুৰ ব্ৰহ্মানন্দ সিঙে কয়, ‘জনস্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খোৱাপানীত ইউৰেনিয়াম থকাটো এক প্ৰকৃত চিন্তাৰ বিষয়। নমুনা পৰীক্ষাৰ প্ৰতিবেদন চাই পৰৱৰ্তী পদক্ষেপসমূহ লোৱা হʼব। কেন্দ্ৰীয় ভূগৰ্ভস্থ জল বʼৰ্ড, বিহাৰ চৰকাৰ আৰু ভাৰতীয় ভূতাত্ত্বিক জৰীপই যৌথভাৱে তদন্ত কৰি আছে পানীত থকা ইউৰেনিয়ামৰ পৰিমাণ।
ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)-ৰ পৰা খোৱাপানীত ইউৰেনিয়ামৰ স্বাভাৱিক মাত্ৰা সম্পৰ্কে জানিব পৰা হোৱা নাই। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে খোৱাপানীত ইউৰেনিয়ামৰ স্বাভাৱিক মূল্য প্ৰতি লিটাৰত ৩০ মাইক্ৰ’গ্ৰাম। বিহাৰ পৰিৱেশ প্ৰদূষণ বʼৰ্ডৰ অধ্যক্ষ অশোক কুমাৰ ঘোষে কয় যে ভূগৰ্ভস্থ পানীত ইউৰেনিয়ামৰ দূষণ অতিশয় চিন্তাৰ বিষয়। ই হাড়ৰ ক্ষতি কৰিব পাৰে। মূত্ৰাশয় বিকল হʼব পাৰে। কৰ্কট ৰোগৰ সম্ভাৱনাও প্ৰবল।