শুকুৰবাৰে নতুনকৈ গঠিত হোৱা নাগালেণ্ড পিপলছ একচন কমিটী চমুকৈ এন পি চিয়ে নগা ৰাজনৈতিক সমস্যাৰ দাবীত বিশাল সমদল উলিয়ায়। পুৱা ১০ বজাত ডিমাপুৰৰ পৰা উলিওৱা এই ৰেলীটোত হাজাৰ হাজাৰ প্ৰতিবাদ মূলক কাৰ্ড লৈ কুডা গাঁৱৰ ৰোড জংচনলৈকে প্ৰতিবাদ কৰে।
বিগত ২০০৩ চনৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে নগা সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চি এছ অ’ৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা তথা কেন্দ্ৰীয় নেতাসকলৰ সৈতে সাক্ষাৎ কৰি আগতীয়া সমাধানৰ বাবে হেঁচা দিবলৈ দিল্লী ভ্ৰমণ কৰাৰ পিছতো নগা জনসাধাৰণে শেহতীয়াকৈ সমাধানৰ অনিশ্চয়তাত ক্ষোভিত হৈ পৰিছে।
এনপিএচিৰ আহবায়ক থেজা থিৰিৰে , ছুখাটো জালিপু , ইনছুমনবা পনগেন আৰু খোদাও নগুলীৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিছে। নাগালেণ্ড পিপলছ একচন কমিটিয়ে যিকোনো পৰিস্থিতিত নগা ৰাজনৈতিক সমস্যাৰ সমাধানক আদৰণি জনাব আৰু তাক ৰক্ষা কৰিব বুলি ইয়াত লিখা হৈছে। নগা সমস্যাৰ ৰাজনৈতিক আলোচনা আৰম্ভ হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্বত্বেও কোনোধৰণৰ স্থায়ী সমাধান নহাত নগাসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে সমগ্ৰ শাসন ব্যৱস্থাৰ ওপৰত এক বৃহৎ ক্ষতিসাধন কৰিছে।
বিশেষকৈ ২০১৯ চনৰ ৩১ অক্টোবৰত নগা শান্তি আলোচনা সমাপ্ত হোৱা বুলি ঘোষণা কৰাৰ পিছতো কিয় নগা সমস্যা সমাধান পলম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে। এনপিএচিয়ে লগতে দাবী কৰে যে অমীমাংসিত ৰাজনৈতিক সমস্যাটোৱে বাবেই সকলো স্তৰতে দুৰ্নীতিয়ে চৰকাৰী বিভাগসমূহক জুৰুলা কৰি পেলাইছে। সমতাপূৰ্ণ কল্যাণমূলক সূত্ৰৰ অভাৱৰ বাবে প্ৰতিটো নগা পৰিয়ালৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰিছে বুলি এনপিএচিৰ মন্তব্য কৰে ।