লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি কাৰ্বি আংলঙতো লোক কল্যাণ দিৱস উদযাপন কৰা হয় ৷ জিলা প্ৰশাসনৰ উদ্যোগত ডিফুৰ ছাৰছিং টেৰণ মেম’ৰিয়েল টাউন হলত উদযাপন কৰা লোক কল্যাণ দিৱসৰ ১ম কাৰ্যসূচী অনুসৰি জাতীয় সংগীত পৰিৱেশন কৰা হয় ৷
তাৰ পাছতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়৷ সভাত অতিথিৰূপে স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং, এভাৰেষ্ট বিজয়ী খৰছিং তেৰাং, জিলা উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, জ্যেষ্ঠ সাংবাদিক মুকুল বৰুৱা উপস্থিত থকাৰ লগতে সভাত ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷
সভাত নিজৰ ভাষণত অতিথিবৃন্দই বৰদলৈৰ কৰ্মৰাজী আৰু ৰাজনৈতিক অৱদানৰ লগতে স্বাধীনতা সংগ্ৰামত তেখেতৰ ভূমিকাৰ সম্পৰ্কে চমু ব্যাখ্যা আগবঢ়ায়৷ এই অনুষ্ঠানত চৰকাৰী কৰ্মচাৰীৰ কৰ্ম স্পৃহা বৃদ্ধি কৰাৰ উদ্দেশ্যে চৰকাৰে আগবঢ়োৱা লোক সেৱা পুৰষ্কাৰ জিলাখনৰ দুগৰাকীকৈ চৰকাৰী কৰ্মচাৰী ক্ৰমে- দিপল বৰা আৰু ৰাম প্ৰসাদ শৰ্মাক প্ৰদান কৰা হয়৷