৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আৰু আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ডিফুত ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি কৰা হয়।
‘হৰ ঘৰ ত্ৰিৰাংগা’ অভিযানক বাস্তৱ ৰূপ দিয়াৰ বাবে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলংতো ত্ৰিৰাংগা পতাকা বিক্ৰী কেন্দ্ৰৰ ব্যৱস্থা কৰা হয় লগতে দেশ প্ৰতি থকা দেশ প্ৰেম প্ৰদৰ্শন কৰিবলৈ এটি সমুহীয়া ছেলফি পইণ্ট মুকলি কৰা হয় ৷ বিশেষকৈ আজি ডিফু চহৰৰ এম.জি. পথৰ কেফেটেৰিয়াৰ সন্মুখত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অংশ স্বৰূপে ডিফু মিউনিচিপালিটি বোৰ্ডৰ অধীনত LUMAR ALF ৰংথিয়াৰ পথৰ বোৰ্ডৰ চিটি মেনেজমেন্ট ইউনিটিৰ অধীনত সুলভ মূল্যৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰে। ছেলফিলপইণ্ট আৰু ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰটি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই উদ্বোধন কৰে।
উক্ত কাৰ্যসূচীত ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ উপাধ্যক্ষ মীৰা টি চ’পী পৰিষদৰ যুটীয়া সচিব দিলীপ তেৰাঙ ডিফু মিউনিচিপালটি বোৰ্ডৰ জেষ্ঠ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্ত উপস্থিত থাকে। ‘হৰ ঘৰ ত্ৰিৰাংগা’ অভিযান সাৰ্থক কৰাৰ বাবেই এই বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে।
ইয়াৰোপৰি ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনত ৫টা বিক্ৰী কেন্দ্ৰ থকাৰ লগতে ১১টা এল এল এফৰ অধীনত ৫৩০টা আত্মসহায়ক গোটে প্ৰতি ঘৰে ঘৰে ত্ৰিৰাংগা বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে।
সংবাদ মাধ্যমৰ লগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই কয় যে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে ‘হৰ ঘৰ ত্ৰিৰাংগা’ৰ দৰে অভিযান আৰম্ভ কৰিছে। সেইমৰ্মে দেশ মাতৃৰ প্ৰতি অকুণ্ঠ শ্ৰদ্ধা আৰু সন্মান দেখুৱাবলৈ এই ছেলফি পইণ্ট আৰু আত্মসহায়ক গোটসমূহৰ অধীনত ত্ৰিৰাংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। উক্ত ছেলফি পইণ্টত যুৱক যুৱতীৰ লগতে বৃদ্ধ/বৃদ্ধাসকলে ছেলফি লৈ দেশ প্ৰেম প্ৰদৰ্শন কৰাৰ সুযোগ পাব বুলি কয় সচিবগৰাকীয়ে ৷