
অসম হৈ পৰিছে ‘জেহাদী’ কাৰ্যকলাপৰ আখৰা! এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা ৫ মাহত অসমত বাংলাদেশী উগ্ৰপন্থী সংগঠন আনছাৰুম ইছলামৰ ৫টা মডিউলৰ পৰ্দা আতঁৰিছে। ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য বুলি ধাৰণা কৰা হৈছে।
এক সংবাদমেলত হিমন্ত বিশ্বই কয়, “আনছাৰুল ইছলামৰ সৈতে সম্পৰ্ক থকা ৬ জন বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰি যুৱ সমাজক জেহাদী মন্ত্ৰত দীক্ষিত কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত বৰপেটাত প্ৰথমটো মডিউল পোৱাৰ পিছত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।”
তেওঁৰ মতে, “ৰাজ্যৰ বাহিৰৰ ইমামসকলে বিভিন্ন মাদ্ৰাছাত মুছলমান সম্প্ৰদায়ৰ যুৱ প্ৰজন্মক জেহাদ মন্ত্ৰত দিক্ষীত কৰাইছে, যিটো এক অতি চিন্তাৰ বিষয়।” মুখ্যমন্ত্ৰীয়ে লগতে কয়, “উগ্ৰপন্থী বা বিচ্ছিন্নতাবাদী কাৰ্যকলাপ আৰু জেহাদী কাৰ্যকলাপৰ মাজত বহু পাৰ্থক্য আছে।
বহু বছৰৰ আগতে ই আৰম্ভ হৈছিল বছৰ বছৰ ধৰি জেহাদী মন্ত্ৰৰ মতবাদেৰে। পৰৱৰ্তী পদক্ষেপ হʼল ইছলামিক মৌলবাদৰ প্ৰসাৰত প্ৰত্যক্ষ অংশগ্ৰহণ। যিয়ে ধ্বংসাত্মক কাৰ্যকলাপৰ ৰূপক চূড়ান্ত স্তৰলৈ লৈ যায়।”
আনহাতে, মুখ্যমন্ত্রীয়ে দাবী কৰে যে কৰোনা মহামাৰীৰ সময়ত বাংলাদেশী নাগৰিকে এনেধৰণৰ কেইবাটাও শিবিৰ চলাইছিল৷ ২০১৬-১৭ চনলৈ এই লোকসকলে অসমত অবৈধভাৱে প্ৰৱেশ কৰিছিল বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীৰ ভাষাত, “এতিয়ালৈকে এনে এজন বাংলাদেশীকহে গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হৈছে। মই সকলোকে আহ্বান জনাইছো, যদি ৰাজ্যৰ বাহিৰৰ কোনোবা মাদ্ৰাছাৰ শিক্ষক বা ইমাম হয়, তেন্তে তৎক্ষণাত স্থানীয় আৰক্ষী থানাত খবৰ দিয়ক।”













