আজি হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কায্যালয়ত আহি উপস্থিত হয় অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকা। যোৱা সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ ওলংগ অৱস্থাত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে উপ-মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকাই।
তেওঁ কয় যে, ইতিমধ্যেই হোজাই জিলা আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ক্ষিপ্ৰতাৰে অনুসন্ধান চলাই তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। নাম ক্ৰমে লামডিং নিবাসী মিঠুন পাল, দিলীপ সাহু, কনক চন্দ্ৰ দাস। তাৰে দুজনে ইতিমধ্যেই তেওঁলোকে কৰা অপৰাধৰ কথা স্বীকাৰ কৰিছে।
মিঠুন পালৰ বিৰুদ্ধে পূৰ্বেও লামডিং আৰক্ষী থানাত গোচৰ ৰুজু আছে বুলি জনাই। তেওঁ আৰু কয় যে, আজি তিনিজন অপৰাধীক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰা হব আৰু আদালতৰ পৰা তিনি অপৰাধীক একসপ্তাহ সোধপোছৰ বাবে আৰক্ষীৰ জিন্মাত বিচৰা হ’ব। আনহাতে, ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত চলি আছে বুলি উপ-মহাপৰিদৰ্শক সত্য ৰাজ হাজৰিকাই জানিব দিয়ে ।