অসম বিধানসভা নিৰ্দেশ মৰ্মে দিছপুৰৰ পুৰণি বিধায়ক আৱাস আজি ত্যাগ কৰিলে একাংশ বিধায়কে।দিছপুৰ সমষ্টি বিধায়ক অতুল বৰা, কাটলিচেৰা সমষ্টি বিধায়ক সুজাম উদ্দিন লস্ক’ৰে খালি কৰিলে বিধায়ক আৱাস।
উল্লেখ্য যে বিধানসভা অধ্যক্ষ দ্বিতীয়খন জাননী মৰ্মে পুৰণি বিধায়ক আৱাস খালি কৰা আজি অন্তিম দিন। আজিৰে পৰা আৱাসৰ বিদ্যুৎ সংযোগ কৰ্তন লগতে পানীযোগানো বিচ্ছিন হব বুলি কিছুদিন পূৰ্বে জাননী জৰিয়তে প্রকাশ কৰিছিল।তাপৰ্যপূৰ্ণ কথা যে পুৰণি আৱাসসমূহ ভাঙি নতুন আৱাস নিৰ্মাণৰ বাবে খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।
পূৰ্বতে ২০জুলাই শেষ সময়সীমা জাৰি কৰিছিল যদিও বিধায়কে উপযুক্ত আৱাস নোপোৱাত অধিকাংশই খালি কৰা নাছিল আৱাস।যোৱা ২৪জুলাইত অধ্যক্ষই আৱাস খালি কৰিবলৈ দ্বিতীয়খন জাননী জাৰি কৰিছিল।সেই জাননী মতে আজি একাংশই খালি কৰিছে যদিও অধিকাংশ বিধায়কে খালি কৰা নাই আৱাস।