জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।ক’ৰোণাৰ সময়ত পিতৃ-মাতৃক হেৰুওৱা ৮ গৰাকীকৈ শিশুলৈ ফিক্সড ডিপোজিট কৰাৰ ঘোষণা লগতে শিশু সেৱা আঁচনিৰ জৰিয়তে মাক দেউতাৰ হেৰুওৱা শিশুক ৭লাখ ৬৭ হাজাৰ টকা ফিক্সড ডিপোজিট কৰিব চৰকাৰে।
হিমন্ত বিশ্ব শৰ্মাৰ আন কেতবোৰ সিদ্ধান্ত আছিল ক্ৰমেঃ
👉🏻 শিশু সকলৰ ২৪ বছৰ বয়সলৈ বেংক একাউণ্টত পোনপটিয়াকৈ ৩৫০০ টকাকৈ লাভ কৰি থাকিব।
👉🏻এম.আই.এছ. ২৪ বছৰ বয়স লৈকে অব্যাহত থাকিব।
👉🏻২ ৪ বছৰ পাৰ হোৱাৰ পিছত ৭লাখ ৬৭ হাজাৰ টকা উলিয়াই লবও পাৰিব নাইবা পুনৰ ৰি ইনভেষ্টো কৰিব পাৰিব।
👉🏻এই সুবিধা লাভ কৰা শিশু সকল হৈছে ক্ৰমে মনজিৎ বাড়ো, তছলিমা খাতুন, ৰাজু চৌহান, আন্নাছ আলী, অৰ্জুন পেগু, শিবা পেগু, শিৱানী পেগু আৰু প্ৰিয়ংকা কলিতা।
👉🏻 আনহাতে, কামৰূপ জিলাৰ বকোৰ চাটেকোনাৰ টিউজবাৰ আৰ মাৰাক(৯) আৰু জোৰেকা আৰ মাৰাক(৭) নামৰ দুটি অনাথ শিশুক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
👉🏻উক্ত শিশু দুটিৰ পিতৃ-মাতৃ মইনোদ ডি চাংমা আৰু চালজে আৰ মাৰাক ২০২১ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে হত্যাৰ বলি হৈছিল।