দেশত প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্বল অৱস্থা আৰু অনাহাৰে মৃত্যু হোৱাক লৈ উচ্চতম ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ বি ভি নাগৰত্নৰ এখন বিচাৰপীঠে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কাৰ্যকৰী হোৱাৰ পাছতো অনাহাৰ অৱস্থা এক চিন্তাৰ বিষয়। এতিয়াও মানুহে পেটত কাপোৰ বান্ধি, পানী খাই ভোক নিবাৰণ কৰিবলৈ বাধ্য হৈছে।
দেশৰ সকলো শ্ৰমিকক ৰেচন কাৰ্ড দিব লাগে বুলি আদালতে মত প্ৰকাশ কৰি কয় যাতে তেওঁলোকে কম টকাত বা বিনামূলীয়াকৈ ৰেচন লাভ কৰিব পাৰে। দৰাচলতে কৰোনা কালত প্ৰব্ৰজিত শ্ৰমিকৰ দুৰৱস্থাৰ বিষয়ে উচ্চতম ন্যায়ালয়ে নিজেই জ্ঞাত হৈছিল। আদালতত হাজিৰ হোৱা ন্যায় মিত্ৰই যে কয় যে এতিয়াও ভোকৰ বাবে প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ গোচৰ আহি আছে।
মজুৰি নোপোৱা সময়ত পেটত কাপোৰ বান্ধি পানী খাই গাঁৱে-ভূঞে ভোক সহ্য কৰি থাকিব লগি হয় । এই সন্দৰ্ভত ন্যায়াধীশ শ্বাহে কয়, ‘আমি আগতেও কৈছো যে কোনো নাগৰিক ভোকত মৰিব নালাগে। চৰকাৰী দাবীৰ পিছতো জনসাধাৰণ ভোকত পৰিছে।’ একে সময়তে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলো সম্ভৱপৰ সহায় আগবঢ়াইছে।
আদালতে কয় যে দেশৰ কৃষক আৰু শ্ৰমিকসকল আটাইতকৈ গুৰুত্বপূৰ্ণ। দেশ গঠনত কৃষক, খাদ্যদাতা, শ্ৰমিকৰ ভূমিকা আছে। তেওঁলোকক আওকাণ কৰিব নোৱাৰি। কিছুমান ৰাজ্য এই বিষয়ত পিছ পৰি আছে। কিছুমান ৰাজ্যই লক্ষ্যৰ আধাও অতিক্ৰম কৰিব পৰা নাই ৷ ইয়াক সংশোধন কৰিব লাগিব।