
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বত বৰ্তমান যিসকল লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে তেওঁলোকৰ আধা সংখ্যক লোক ইউৰোপৰ। যোৱা ছয় সপ্তাহত ইউৰোপত কৰোনাত আক্ৰান্তৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এই আতংকজনক তথ্য প্ৰকাশ কৰিছে।
চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যাও দুগুণে বৃদ্ধি পাইছে। অৱশ্যে ইনটেচিভ কেয়াৰত ভৰ্তি হোৱা লোকৰ সংখ্যা এতিয়াও কম।
কৰোনা সংক্ৰমণে পুনৰ মূৰ দাঙি উঠিছে। ভাৰতত যিদৰে প্ৰায় প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে, তেনেদৰে সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেয়া পৰিস্থিতি ইউৰোপত।
WHOৰ সূত্ৰ অনুসৰি বিশ্বৰ সকলো কৰোনা ৰোগীৰ আধাই ইউৰোপত আছে। মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় সঞ্চালক হান্স ক্লুজে জনসাধাৰণক সাৱধান হৈ কৰোনাৰ নিয়ম সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “অতি সংক্ৰামক অমিক্ৰন ৰূপটোক কোনো ধৰণে তুচ্ছজ্ঞান কৰিব নোৱাৰি। কাৰণ পিছলৈ ই ‘Long Covid’লৈ পৰিণত হ’ব পাৰে।












