ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফু : নেৰানেপেৰা হোৱা বৰষুণ আৰু পাহাৰৰ ঢলে ডিফু নদীত কৃত্ৰিম বানৰ পানী শুকাই অহাৰ সময়তে কোবাল সূতত উটি আহিল এটি যুৱকৰ মৃতদেহ ৷ আজি পুৱা ডিফু থানা এলেকাধীন পানবাৰী পকী দলঙৰ তলত ডিফু নদীৰ এজোপা গছত কাতিহৈ লাগি ধৰিছিল ছেণ্ডেল, লংপেণ্ট আৰু গেঞ্জি পৰিহিত এটি অচিনাক্ত মৃত দেহ ৷
পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা মৃতদেহটো পানবাৰীৰ বিজয় গোৱালা (২৭) বুলি পত্নীয়ে চিনাক্ত কৰে ৷ মৃতদেহটি বিজয় গোৱালা বুলি পানবাৰীত থকা পত্নীয়ে চিনাক্ত কৰে ৷ যোৱা নিশাৰ পৰাই বিজয় গোৱালা ঘৰত যোৱা নাছিল বুলি গোৱালাৰ পত্নীয়ে কোৱাৰ লগতে মৃত গোৱালাই মাতৃ- পত্নীসহ দুটি সন্তান ইহ সংহাৰত এৰি থৈ গৈছে ৷