ASSAM TIMES POST
ডিফু : যোৱা কেইবাদিন ধৰি নেৰানোপেৰা বৰষুণত পাহাৰৰ পৰা অাচম্বিতে ঢল নামি আহি ডিফুৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে হৰিলালবস্তি ৰংনিহান বস্তিতো বলিয়া বিস্তৃত ক্ষতি সাধন কৰিলে ৷ কিন্তু বিভিন্ন ঠাইত আশ্ৰয় শিৱিৰৰ লগতে চৰকাৰ আৰু প্ৰশাসনৰ কম- বেছি পৰিমানে সহায় – সহযোগ দেখা গলেও কিন্তু হৰিলাল বস্তি আৰু ৰংনিহান এলেকাত তেনে কোনো সহায় সহযোগিতা পৰিলক্ষিত নহ’ল ৷


ইপিনে হৰিলাল বস্তি ৰংনিহান বস্তিৰ একমাত্ৰ যাতায়তৰ সম্বল বাঁহৰ দলং দুটা বানত ছিঙি যোগাযোগ বিশ্ছিন্নহৈ ৰাইজে ত্ৰাসি মধুসুধন সুঁৱৰিছে ৷ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ পৰা আৰু আৰম্ভ কৰি সংখ্যালঘু সকলৰ পদবীত থকা ব্যক্তি সকলেও একো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে আচৰ্য প্ৰকাশ কৰি ভাগ্যক দিয়াই পুণ সংস্থাপনৰ নিজাববীয়া ব্যৱস্থা কৰিছে ৷ একাংশ বানাক্ৰান্তই নিজৰ প্ৰয়োজনীয় নথিপত্ৰ মূল্যবান সামগ্ৰীও বানত নষ্ট হোৱা বুলি সাংবাদিকক জানিবলৈ দিছে ৷













