যোৱা চাৰি জুলাইত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুণৰ অনুষ্ঠিত কৰিবলৈ বৃহৎ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰে ডিফু চহৰৰ আকাশ-বতাহ কঁপাই তোলাৰ পিছত আজি আজি ডিফু লৰুলাংচ’ খেল পথাৰত অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ all party hills leaders conference চমুকৈ APHLC দললৈ গণ যোগদান কৰে বিজেপি, কংগ্ৰেছ আৰু এএছডিচি দলৰ ২৬ গৰাকী সদস্যই ৷
এপিএইছএলচিৰ সভাপতি অৱসৰপ্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰৰ উপস্থিত যোগদান কাৰ্যসূচী সম্পন্ন হয় ৷ আজিৰ যোগদান কাৰ্যসূচীত বিগত পৰিষদীয় নিৰ্বাচনত প্ৰতদ্বন্দিতা কৰা প্ৰাথী ৰাজেন তিমুং, কুৰচিং তিমুঙ , ৰাজেশ তিচ’ ৰবি সিং ৰংহাং , ধনিৰাম তেৰাং কং ৰংপি , ছেমচন তেৰণ উপস্থিত থাকে ৷