![]()
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত ডিব্ৰুগড়ত আজি আয়োজিত হয় দলটোৰ বৰ্ধিত বিষয়ববীয়া সভা। সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সভাত হায়দৰাবাদত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সবিশেষ ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।

উক্ত বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিমল বড়া, জয়ন্ত মল্লবৰুৱা, সাংসদ ক্ৰমে দিলীপ শইকীয়া, পল্লৱলোচন দাস, প্ৰদান বৰুৱা, তপন গগৈ, পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কসকল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল অনুষ্ঠানত উপস্থিত থাকে।













