নগাঁৱত ক্ৰমাৎ ভয়ংকৰ ৰূপ হৈছে জাপানীজ এনকেফেলাইটিজ ৰোগে। বানপানী হোৱা অঞ্চলৰ বহু লোক এই ৰোগত আক্ৰান্ত হৈছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ নগাঁৱত মৃত্যু হোৱা দুজন লোক হৈছে ক্ৰমে হামিদুল ইছলাম আৰু সদানন্দ বৰুৱা।
আনহাতে, ডাইৰিয়াৰ সংক্ৰমণৰ ফলত মৃত্যুমুখত পৰিছে আন তিনিগৰাকী লোকৱ। নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে শেহতীয়াকৈ এই কথা জানিবলৈ দিয়ে।