
প্রথমে ‘ৱায়াৰলেচ ফোন’ আৱিষ্কাৰ কৰি সমগ্র বিশ্বজুৰি হুলুস্থুল লগাইছিল তেওঁ। বিগত শতাব্দীৰ সত্তৰৰ দশকত ‘মটোৰোলা ডাইনাটেক ৮০০০ এক্স’ নামৰ মোবাইল ফোনটিৰে যি যাত্রা আৰম্ভ কৰিছিল, আজি সেয়াই পৃথিৱী সলনি কৰি পেলালে।
কিন্তু জানিলে আচৰিত হ’ব, সেই মোবাইল ফোনৰ অন্যতম স্রষ্টা স্বয়ং মার্টিন কুপাৰে দিনৰ মাত্র ৫ শতাংশৰো কম সময় স্মার্টফোন ব্যবহাৰ কৰে। তেওঁ কয়, ‘‘জীৱনটো উপভোগ কৰিবলৈ হ’লে মোবাইল ফোনৰ ব্যবহাৰ কমাব লাগিব।’’
আমেৰিকাৰ চিকাগোৰ বাসিন্দা মার্টিনে বিচাৰে যে চেলফোন হ’ব লাগে মানুহৰ ব্যক্তিগত ফোন, যাতে এটা নম্বৰ ডায়েল কৰি কোনো বিশেষ ঠাইত নহয়, কেৱল এজন বিশেষ ব্যক্তিৰ লগত যোগাযোগ কৰা সম্ভব হ’ব। তেওঁ সম্প্রতি ব্রিটিছ সংবাদ মাধ্যম বিবিচিক দিয়া এটি সাক্ষাৎকাৰত কয়, ‘‘মই দিনত পাঁচ শতাংশৰো কম সময় মোবাইল ব্যবহাৰ কৰো।’’
যিয়ে দিনে পাঁচ শতাংশৰো অধিক সময় মোবাইলত কটায়, তেওঁৰ উদ্দেশ্যে হাঁহি হাঁহি মার্টিনে কয়, ‘‘জীৱনক উপভোগ কৰিবলৈ শিকক। মোবাইলৰ ব্যবহাৰ কমাই দিয়ক।’’










