ASSAM TIMES POST
কামৰুল খান
কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানত জলমগ্ন হৈ পৰে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ লগতে আন এখন গুৰুত্বপূৰ্ণ নগৰ বোকাজান৷ মন কৰিব লগীয়া যে পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানীৰ বাবে পাহাৰীয়া জিলাখনৰ সদৰ ডিফুৰ বিভিন্ন এলেকা সম্পূৰ্ণ জলমগ্ন হৈ পৰে৷ ইপিনে, পাহাৰীয়া জিলাখনৰ আন এখন গুৰুত্বপূৰ্ণ নগৰ বোকাজান ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত জনসাধাৰণ গভীৰ সমস্যাত পৰিছে৷


উল্লেখযোগ্য যে বানত আক্ৰান্ত জনসাধাৰণক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে তৎকালীন পদক্ষেপ ল’বলৈ পাহাৰীয়া জিলাখনৰ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ আনহাতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জৰিয়তে উদ্ধাৰ অভিযান তীব্ৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক নিৰ্দেশ দিছে৷ তদুপৰি মন্ত্ৰী কেশৱ মহন্ত আৰু চুম ৰংহাঙক বানাক্ৰান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি বুজ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷
ইয়াৰ লগতে কাৰ্বি আংলং, ডিমা হাচাও আৰু গোলাঘাট জিলাৰ উপায়ুক্তক সষ্টম হৈ থাকিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে৷ উল্লেখযোগ্য যে অবতৰীয়া বানৰ কবলত পৰা পাহাৰীয়া জিলাখনৰ বিভিন্ন ঠাইত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে কপিলী, ধনশিৰি আৰু বৰাপানী নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে৷ মন কৰিব লগীয়া যে জিলাখনৰ সদৰ ডিফুত অবতৰীয়া বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ ডিফু নগৰৰ প্ৰায়বোৰ এলেকাই ইতিমধ্যে জলমগ্ন হৈ পৰিছে৷













