ASSAM TIMES POST
ডিফুঃ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে কাৰ্বি আংলং জিলাৰ সদৰ ডিফু৷ পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানীৰ বাবে পাহাৰীয়া জিলাখনৰ সদৰ ডিফুৰ বিভিন্ন এলেকা সম্পূৰ্ণ জলমগ্ন হৈ পৰে৷ শীতলাবাৰী, শিৱবাৰী, হৰিলাল বস্তি, ধৰমনলাসহ ডিফু নগৰৰ প্ৰায়বোৰ এলেকা জলমগ্ন হৈ পৰাত জনসাধাৰণ সমস্যাত পৰিছে৷
উল্লেখ্য যে ডিফু নগৰখন নতুনকৈ সজাই তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসন, কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে নগৰখনৰ নলা-নৰ্দমাবোৰ উন্নতিকৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই নলা-নৰ্দমাবোৰ বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নাই৷ ফলত নলাৰ পৰা পানী ওলাই যোৱা নাই৷ ইয়াৰ পৰিপেক্ষিতত নলা-নৰ্দমাবোৰত পানী আবদ্ধ হৈ পৰাত নগৰখন জলমগ্ন হৈ পৰে৷
ইপিনে ডিফু নগৰখনত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পাছত কাৰ্বি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙ আৰু ডিফুৰ সাংসদ হৰেণ সিং বে বানাক্ৰান্ত এলেকাবোৰত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰি পৰ্যবেক্ষণ কৰে৷ ইতিমধ্যে জিলা উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া আৰু সাংসদে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট সকলো বিভাগক নিৰ্দেশ দিছে৷ আনহাতে বিভাগসমূহে ক্ষিপ্ৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷