ASSAM TIMES POST
গুৱাহাটীঃ চলিত বৰ্যৰ ই-পঞ্চায়ত পুৰস্কাৰত অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত এক কাৰ্যসূচীত এই সফলতাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে অসমৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে। মন্ত্ৰী দলেয়ে কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰপৰা এই পত্ৰ তথা বঁটাটো গ্ৰহণ কৰে।










