ASSAM TIMES POST
নতুন দিল্লীঃ আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাত ইয়াৰ বিৰোধিতাৰে আৱেদন কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআয়ে। যোৱা মঙলবাৰে সমগ্ৰ কেলেংকাৰিটো সন্দৰ্ভত চিবিআয়ে দাখিল কৰা গোচৰটোতে চিদাম্বৰমে জামিন লাভ কৰা কথাটোত অসন্তুষ্ট হৈ পৰিছে তদন্তকাৰী সংস্থাটো। উল্লেখযোগ্য যে গত ২১ আগষ্টৰ শেষ নিশা চিবিআয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনক দিল্লীৰ যোৰ বাঘৰ বাসভৱনৰপৰা গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে যদিও ছুপ্ৰিম ক’ৰ্টে তেওঁক জামিন প্ৰদান কৰিলে, তথাপিতো তেওঁ তিহাৰ কাৰাগাৰৰ বাহিৰ হ’ব পৰা নাই। কিয়নো একেটা কেলেংকাৰিতে এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেটে চিদাম্বৰমক গ্ৰেপ্তাৰ কৰি জিম্মাত ৰাখিছে।












