ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্রমশ চিন্তা বৃদ্ধি কৰিছে প্রশাসনৰ। এই দুর্যোগত ৰাজ্যত আৰু সাতজনৰ মৃত্যু হয়। ইয়াকে লৈ চলিত বছৰৰ দ্বিতীয়টো বানত মুঠ মৃত্যুৰ সংখ্যা ১০৭জনলৈ বৃদ্ধি পালে।
আনহাতে, শিলচৰৰ পৰিস্থিতি আজিও উদ্বেগজনক হৈ আছে। পানীৰ তলত বিস্তীর্ণ এলেকা। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনোৱা মতে, গুৱাহাটীৰ পৰা শিলচৰলৈ খোৱাপানীৰ বটল পঠাইছে ভাৰতীয় বায়ু সেনাই। মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘দৈনিক এক লাখ বটল খোৱাপানী বায়ুসেনাৰ বিশেষ বিমানেৰে শিলচৰলৈ পঠোৱা হ’ব।’’
উল্লেখ্য, শিলচৰ চহৰত কেইবা শ লোক জলবন্দী হৈ আছে। খোৱাপানীৰ সমস্যাই দেখা দিছে। বিগত কেইবা দিনো ধৰি বিভিন্ন এলেকা বিদ্যুৎহীন।
আনহাতে, ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বাহিনীয়ে জনোৱা মতে, ৪৫ লক্ষাধিক লোক বিপর্যস্ত হৈছে। প্রায় ৩ লক্ষ লোকে তসাহায্য শিবিৰত আশ্রয় লৈছে।