বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বায়ুসেনাৰ হেলিকপ্টাৰেৰে কাছাৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। পিছত তেওঁ জনায়, চৰকাৰে কাছাৰত আকাশপথেৰে সাহায্য প্ৰদান জাৰি ৰাখিব।
উপায়ুক্তৰ সৈতে বৈঠকত ৱার্ডভিত্তিক সাহায্য আৰু পুনৰ সংস্থাপনৰ পৰিকল্পনা কৰিবলৈ কয় তেওঁ। সাহায্য বিতৰণ সঠিকভাবে চলাবলৈ শিলচৰলৈ পঠোৱা হৈছে ১০গৰাকী বিষয়াক। ইফালে বৰাকৰ দায়িত্বপ্রাপ্ত পৰিবহণমন্ত্রী পৰিমল শুক্লবৈদ্যই জনায়, প্রায় ৪০০০ ট্রান্সফর্মাৰ পানীৰ তলাত। বানত নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি হৈছে শিলচৰত।
কেন্দ্রীয় জাহাজমন্ত্রী সর্বানন্দ সোনোৱালে নগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন কৰে। পিছত তেওঁ জনায়, ক্ষয়-ক্ষতি পৰিমাপ কৰিবলৈ শীঘ্ৰেই কেন্দ্রীয় প্রতিনিধি দল ৰাজ্যখনলৈ আহিব।
ইয়াৰ মাজতেই অসম আৰু মেঘালয়ৰ বান আৰু খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ বার্তা প্ৰেৰণ কৰিছে জাপানৰ প্রধানমন্ত্রী ফুমিও কিশিদাই।
তেওঁ লিখিছে, “প্ৰবল বৃষ্টি আৰু খহনীয়াৰ ফলত মেঘালয় আৰু অসমৰ যি ক্ষতি হৈছে, যিমান প্রাণহানিৰ ঘটনা ঘটিছে, মানুহ গৃহহীন হৈছে- তাৰ বাবে জাপান চৰকাৰ আৰু জাপানৰ জনসাধাৰণৰ তৰফৰ পৰা আন্তৰিক সহানুভূতি প্রকাশ কৰিছোঁ। জাপানে ক্ষতিগ্রস্ত অঞ্চলবোৰৰ বাবে সাধ্য অনুযায়ী সাহায্যৰ হাত আগবঢ়াব।”
উল্লেখ্য, অসমত বৃহস্পতিবাৰে নিশা পর্যন্ত ৩২ জিলাৰ প্রায় ৪৫ লোক বানৰ কবলত আছে।