পুনৰ অ-জনজাতিক ভূমি পট্টা প্ৰদান আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কৰ্তন কৰা আৰু অজনজাতিক ট্ৰেডিং লাইচেন্সৰ বিৰুদ্ধে কাৰবি আংলঙৰ ৰাজপথত গৰজি উঠিল কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএ ই ৷
এইলৈ আজি কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএ (ইংলংফ’) গোটে ডিফুৰ কেএছএৰ ৰংখেলানস্থিত মুখ্য কাৰ্যালয়ৰ পৰা হাওৰাঘাটলৈ সুদীৰ্ঘ ৭০ কিঃমিঃ জোৰা বাট শান্তি আৰু সজাগতামূলক মটৰ চাইকেল ৰেলী বাহিৰ কৰে ৷
কেএছএৰ সভাপতি থানছিং তিমুঙ আৰু সাধাৰণ সম্পাদক বুদ্ধ তিমুঙৰ নেতৃত্বত বাহিৰ হোৱা মটৰ চাইকেল ৰেলীত কেএছএৰ প্ৰায় শতাধিক সদস্যই কেএছএৰ পতাকা, বেনাৰ আদিলৈ ৰেলী বাহিৰ কৰে ৷
কেএছএই ৰাইজৰ মাজত ক্ৰমে, ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ, অজনজাতিসকলক ট্ৰেডিং লাইচেন্স প্ৰদান নকৰা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চাকৰি প্ৰদানৰ ক্ষেত্ৰত স্বজনতোষণ নীতি বন্ধ কৰা, অজনজাতি সকলক ভূমি পট্টা প্ৰদান নকৰা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা সকলো অজনজাতি ভোটাৰৰ নাম কৰ্তন কৰা আদি দাবীলৈ ৰাইজৰ মাজত শান্তি আৰু সজগতামূলক মটৰ চাইকেল ৰেলী উলিয়ায় ৷
সংবাদমাধ্যৰ আগত কেএছএৰ সভাপতি থানছিং দাবীসমূহ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় যে, বিজেপি নেতাসকলে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অজনজাতিসকলক কাৰবি আংলঙত ভূমি পট্টা দিয়া আৰু ট্ৰেডিং লাইচেন্স প্ৰদান কৰা সন্দৰ্ভত ভাষণ দিয়াৰ আগত ষষ্ঠ অনুসূচীৰ বিষয়ে জনা নাছিল নেকি বুলি প্ৰশ্ন কৰে ৷
কাৰবি আংলঙত অজনজাতিসকলৰ ভুমি পট্টা প্ৰদান, ট্ৰেডিং লাইচেন্স প্ৰদান আদিৰ বিৰোধিতাৰে কেএছএই অবিৰতভাৱে আন্দোলন কৰি যাব বুলি কয় ৷ বৰ্তমান কাৰবি আংলঙত জনজাতিৰ সংখ্য হ্ৰাস পাৱোটো উদ্বোগজনক বুলি কয়, কেএছএৰ সভাপতিগৰাকীয়ে ৷ আজি কেএছএৰ এই বৃহৎ মটৰচাইকেল ৰেলীৰ যাত্ৰাপথত সহস্ৰাধিক কেএএছ সদস্য আৰু যুৱকে অংশগ্ৰহণ কৰিব বুলি কয় ৷