
বুষ্টাৰ ড’জত অনীহা আৰু বাধা-নিষেধ শিথিল হোৱাৰ ফলতেই দেশত আহিল নেকি কৰোনাৰ আন এক নতুন ঢৌ! জুনৰ আৰম্ভণিৰ পৰাই লাহে লাহে সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
সংক্রমণ উদ্বেগজনক হাৰত বৃদ্ধি পোৱাত মহাৰাষ্ট্রত মাস্কবিধিও জাৰি কৰা হৈছে। কিন্তু তাতো নিয়ন্ত্রণত অহা নাই। দেশত পুনৰ ঊর্ধ্বমুখী কোভিড গ্রাফ। বুধবাৰৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৫ হাজাৰ ২৩৩ জন।
৯৩ দিন পিছত দেশত দৈনিক সংক্রমণ ৫ হাজাৰৰ ওপৰলৈ গ’ল। ইয়াৰে ভিতৰত কেৱল মহাৰাষ্ট্রতেই এটা দিনত আক্রান্ত হৈছে ১ হাজাৰ ৮৮১ জন। এটা দিনৰ ভিতৰত ৰাজ্যখনত ৮০ শতাংশ সংক্রমণ বৃদ্ধি পাইছে। মুম্বাইৰ পৰিস্থিতিও অতি উদ্বেগজনক। তাত এটা দিনত ৮৩ শতাংশ বৃদ্ধি পাইছে আক্রান্তৰ পৰিমাণ। সংক্রমিত হৈছে ১২০০ৰো অধিক লোক। হস্পিটেলত ভর্তিৰ হাৰো বৃদ্ধি পাইছে।













