কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ সময়ত নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ (এপিএইচএলচি)য়ে। আজি ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত দলটোৰ সভাপতি জন ইংতি কাথাৰ আৰু মূখ্যপাত্ৰ আংতং ইংতি কাথাৰে।
এক সংবাদমেলৰ আয়োজন কৰি উত্থাপন কৰি নিৰ্বাচনী মনোনয়ন-পত্ৰ দাখিলৰ সময়ত অনা প্ৰাৰ্থীক বাহন অবিহনে তথা পাঁচজন লোক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল যদিও পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে এই বিধি ভংগ কৰি বাহনসহ প্ৰৱেশ কৰাৰ লগতে লগত অধিক লোক লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশ কৰা বুলি অভিযোগ কৰে। এনে কাৰ্যৰ দ্বাৰা দুয়ো নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ লগতে এই ক্ষেত্ৰত ন্যায় প্ৰদানৰ বাবে দলটোৱে দাবী জনায়।
আনহাতে, তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাত অন্য দলৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুণ্ডা বাহিনীয়ে বাধাৰ সৃষ্টি কৰি অহা বুলি অভিযোগ কৰি পৰবৰ্তী সময়ত এইক্ষেত্ৰত আইনৰ সহায় লোৱা হ’ব বুলি মন্তব্য কৰে।
আনহাতে, অসম পঞ্চায়ত আইনৰ অধীনত গঠিত হোৱা নিৰ্বাচনী আয়োগে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো অবৈধ বুলি দাবী কৰে৷ এই সন্দৰ্ভত দলটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা ৰাজহুৱা স্বাৰ্থজনিত আবেদন শুনানি প্ৰক্ৰিয়া চলি থকা অৱস্থাতে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা কাৰ্যত দলটোৱে ক্ষোভ প্ৰকাশ কৰে।
আগন্তুক সময়ত নিৰ্বাচনত দলটোৱে জয় লাভ কৰিলে কাৰ্বি আংলঙৰ ভোটাৰ তালিকাৰ পৰা অ-জনজাতীয় লোকৰ নাম কৰ্তন কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে। লগতে স্বায়ত্বশাসিত পৰিষদৰ এলেকাত কেৱল জনজাতীয়সকলৰহে অধিকাৰ থকা বুলি মন্তব্য কৰি সেয়া কৰাৰ বাবে দলটোৱে কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে।
যোৱা চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত জিলাখনৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত হোৱা শান্তিচুক্তিৰ জৰিয়তে পৰিষদৰ ক্ষমতা হ্ৰাস পোৱা বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে দলটোৱে।